অসম

assam

ETV Bharat / bharat

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত - তিনিও গৰাকী পুৰুষৰ ভিতৰত এজন ৪৪ বছৰীয়া বিএছএফ জোৱানো আছে

২৬ জানুৱাৰীৰ দিনটোত মিজোৰামত পুনৰ তিনিগৰাকী লোক নতুনকৈ আক্ৰান্ত হয় ক'ভিড-১৯ ত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যলয়ত কৰা ২৫৫ টা নমুনা পৰীক্ষণৰ পিছত ৩ গৰাকী ব্য়ক্তিৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি ৷

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত
মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত

By

Published : Jan 27, 2021, 8:45 PM IST

নিউজ ডেস্ক , ২৭ জানুৱাৰী : ২৬ জানুৱাৰীৰ দিনটোত মিজোৰামত পুনৰ তিনিগৰাকী লোক নতুনকৈ আক্ৰান্ত হয় ক'ভিড-১৯ ত ৷ ২৬ জানুৱাৰীত জ'ৰাম চিকিৎসা মহাবিদ্যলয়ত কৰা ২৫৫ টা নমুনা পৰীক্ষণৰ পিছত ৩ গৰাকী ব্য়ক্তিৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি ৷ তিনিও গৰাকী আক্ৰান্ত পুৰুষৰ ভিতৰত এজন ৪৪ বছৰীয়া বিএছএফ জোৱানো আছে ।

মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত

ৰাজ্যখনৰ বিভিন্ন জিলাত ট্ৰুনেট পৰীক্ষাগাৰত ৬৮ টা নমুনা পৰীক্ষা কৰা হয় যদিও ইয়াৰে এগৰাকীও ক'ভিড-১৯ত আক্ৰান্ত হোৱা নাই ৷ ৰেপিড এন্টিজেন টেষ্টৰ ৩৫১ টা নমুনাৰ ভিতৰতো এগৰাকীয়ো ক'ভিড-১৯ত আক্ৰান্ত হোৱা নাই ।

ইফালে ৰাজ্য়খনত ৰাজ্যখনত বৰ্তমানলৈকে ২ লাখ ৩ হাজাৰ ২৫৯ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে মুঠ ২.১৪ শতাংশ লোক ক'ভিড পজিটিব হিচাপে ধৰা পৰিছে ৷ ২৭ জানুৱাৰীৰ দিনটোত চিকিৎসালয়ৰ পৰা ৩ গৰাকী ৰোগীক মুকলি কৰি দিয়াৰ পাছতে ৰাজ্যখনত বৰ্তমান ক'ভিডত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৪৪ গৰাকী ৷ ৰাজ্যখনত এতিয়ালৈকে ৪৩৫৯ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত ৪৩০৬ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৯ গৰাকী লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক :ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যশিল্পী সত্যৰাম ৰিয়াঙলৈ পদ্মশ্ৰী বঁটা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details