তেজপুৰ, ২৯ মে':সোমবাৰে নিশা মণিপুৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah to visit Manipur)। তাৰ পূৰ্বে যোৱা নিশা মণিপুৰৰ চেকন এলেকাত সেনাৰ হাতত আটক তিনি দুৰ্বৃত্ত । অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে সেনাই আটক কৰে দুৰ্বৃত্ত কেইজনক (3 miscreants apprehended in Manipur)।
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে ইম্ফল পূব জিলাৰ চিটী কনভেচন কেন্দ্ৰৰ এলেকাত নিৰাপত্তা বাহিনীৰ ওপৰত সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ চলাব বুলি সেনাই এক গোপন তথ্য লাভ কৰিছিল । এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত সেনাই অঞ্চলটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলে । লগতে বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰে ।
তালাচীৰ সময়তে সেনাই ৪ গৰাকী যাত্ৰীৰ সৈতে এখন সন্দেহজনক বাহন প্ৰত্যক্ষ কৰে । দুৰ্বৃত্তকেইটাই বাহনৰ পৰা নামি কলনিৰ উপপথলৈ পলায়নৰ চেষ্টা কৰিছিল । অৱশ্যে সেনা বাহিনীয়ে তিনিওজনকে আটক কৰিবলৈ সক্ষম হয় । সেনাৰ এই পদক্ষেপৰ দ্বাৰা অঞ্চলটোক কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে ।