অসম

assam

জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

By

Published : Apr 11, 2021, 12:04 PM IST

চোপিয়ান জিলাৰ হাটিপোৰা অঞ্চলত সেনা-সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন আল-বাদ্ৰেৰ সৈতে জড়িত তিনি সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ।

জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী
জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল: শনিবাৰে নিশা জন্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । জন্মু-কাশ্মীৰৰ চোপিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এক সূত্ৰই প্ৰকাশ কৰা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । সেই সময়তে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।

প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰে । ফলত মুঠ তিনিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি দেওবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । ইফালে, সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত দুগৰাকী সেনা জোৱানো আহত হয় । আহত সেনা জোৱানৰ এগৰাকীক উন্নত চিকিৎসাৰ বাবে বাদামী বাগলৈ লৈ যোৱা হয় ।

সূত্ৰ অনুসৰি, নিহত সন্ত্ৰাসবাদী কেইজন গণপুৰা চোপিয়ানৰ ফাৰুক আহমেদৰ পুত্ৰ ওবাইদ ফাৰুক, চিত্ৰগামৰ গুলজাৰ আহমেদ গানাইৰ পুত্ৰ ফৈজল গুলজাৰ আৰু চিত্ৰগামৰ চোপিয়ানৰ আছিফ বাছিৰ আহমেদ গানাইৰ পুত্ৰ আচিফ বাছিৰ বুলি চিনাক্ত কৰা হয় । সন্ত্ৰাসবাদীকেইজন আল-বাদ্ৰে সংগঠনৰ সৈতে জড়িত আছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত সন্ত্ৰাসবাদীকেইজনৰ এজনে নতুনকৈ সংগঠনৰে জড়িত হৈ পৰিছিল । হাটিপোৰা অঞ্চলটোত দুটা সন্ত্ৰাসবাদী লুকাই আছিল বুলি অনুমান কৰি তালাচী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে । বৰ্তমানেও অঞ্চলটোত অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: টিটিএএডিচি নিৰ্বাচন : সংখ্যাগৰিষ্ঠতাৰে ইতিহাস ৰছনা TIPRA ৰ

ABOUT THE AUTHOR

...view details