নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ :উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত শোকাবহ ঘটনা । উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় তিনিগৰাকী শ্ৰমিকৰ (3 labourers killed in UP due to electrocution)। আনহাতে গুৰুতৰভাৱে আহত আন এজন শ্ৰমিক । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে গছ কাটিবলৈ যোৱাৰ সময়তে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।
আৰক্ষী অধীক্ষক সূৰজ ৰায়ে সংবাদমাধ্যমক জনোৱা মতে শ্ৰমিক কেইজনে ৰামপুৰ মণিহৰণ আৰক্ষী থানাৰ অন্তৰ্গত মাদনুকি গাঁৱৰ এজন ব্যক্তিৰ ফাৰ্মত গছ কাটিবলৈ গৈছিল । তেতিয়াই উচ্চ প্ৰাবল্যৰ তাঁৰ লাগি মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । মৃত শ্ৰমিককেইজন ক্ৰমে ছাদ্দাম, নৌশাদ আৰু অজয় বুলি চিনাক্ত কৰা হৈছে (3 labourers died in UP Saharanpur)।