নিউজ ডেস্ক,৬ মাৰ্চ: শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী এখন ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি দ গাঁতত সোমাই যোৱাৰ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাতো । ফলত থিতাতে নিহত হয় ৩ জন লোক ৷ লগতে গুৰুতৰভাৱে আহত হয় ৩০ জন ৷ আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা: নিহত ৩
উত্তৰ প্ৰদেশৰ আলিগড়ত তীব্ৰবেগী এখন ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি দ গাঁতত সোমাই যোৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় ৩ জন লোক ৷ গুৰুতৰভাৱে আহত হয় ৩০ জন লোক । এগৰাকী বৃদ্ধ মৃত ব্যক্তিৰ অস্থি গংগাত বিসৰ্জন কৰি ৰাজঘাটৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাতো ।
উত্তৰ প্ৰদেশত শোকাবহ পথ দুৰ্ঘটনাত নিহত ৩, আহত ৩০
প্ৰাপ্ত তথ্য অনুসৰি, এটা পৰিয়ালৰ লোকে এগৰাকী বৃদ্ধ মৃত ব্যক্তিৰ অস্থি গংগাত বিসৰ্জন কৰি ৰাজঘাটৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । ইফালে, দুৰ্ঘটনাতো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দুৰ্ঘটনাত বৃদ্ধ ব্যক্তিজনৰ পুত্ৰ আৰু মহিলা নিহত হয় । সম্প্ৰতি আহতসকলক উন্নত চিকিৎসাৰ বাবে উত্তৰ প্ৰদেশৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: এছএফডিআৰৰ সফল বিমান পৰীক্ষণ ডিআৰডিঅ'ৰ