অসম

assam

By

Published : Jun 22, 2023, 9:36 AM IST

ETV Bharat / bharat

Bomb Blast in Manipur: মণিপুৰত সন্দেহজনক আইইডি বিস্ফোৰণত আহত 3

হিংসাজৰ্জৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাত সন্দেহজনক আইইডি বিস্ফোৰণত তিনিজন আহত ৷ বিষ্ণুপুৰ জিলাৰ মৈৰাং থানাৰ অন্তৰ্গত টিদ্দিম পথৰ এটা কালভাৰ্টক লক্ষ্য কৰি বোমাটো সংস্থাপন কৰাৰ সন্দেহ ৷

Bomb Blast in Manipur
মণিপুৰত সন্দেহজনক আইইডি বিস্ফোৰণ

নিউজ ডেস্ক, 22 জুন:হিংসাজৰ্জৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাত বুধবাৰে সন্দেহজনক আইইডি বিস্ফোৰণত কিশোৰসহ তিনিজন আহত হয় ৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং থানাৰ অন্তৰ্গত কোৱাকটা চহৰ আৰু ফৌগাকচাওত মাজৰ টিদ্দিম পথৰ এটা কালভাৰ্টৰ সমীপত সন্ধিয়া প্ৰায় 7.30 বজাত সন্দেহযুক্ত আই ই ডিটো বিস্ফোৰণ ঘটে ৷

বিস্ফোৰণটোত 8 বছৰীয়া কিশোৰৰ পৰা 18 বছৰ উৰ্ধৰ প্ৰায় তিনিজন আহত হয় । আহতসকলক ততাতৈয়াকৈ মৈৰাঙৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । সেনা আৰু নিৰাপত্তাৰক্ষীৰ যাতায়তৰ ক্ষেত্ৰৰ হেঙাৰ সৃষ্টি কৰাৰ বাবে উক্ত কালভাৰ্টটোক লক্ষ্য কৰি দুস্কৃতিকাৰীয়ে বিস্ফোৰণটো সংঘটিত কৰাৰ সন্দেহ কৰিছে নিৰাপত্তাৰক্ষীয়ে ৷

জানিব পৰা মতে, বিগত কেইটামান দিনত কাষৰীয়া কাংভাই, ফৌলজাং, গথোল, ছংডো আদি অঞ্চলৰ গাঁওসমূহত কেইবাবাৰো আক্ৰমণ সংঘটিত হৈছিল ।

লগতে পঢ়ক:Manipur violence: মণিপুৰত মন্ত্ৰীসকলৰে নিজৰেই সুৰক্ষা নাই, সাধাৰণত জনতাক কি সুৰক্ষা দিব !- মানিক সৰকাৰ

ABOUT THE AUTHOR

...view details