অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ টিএমচি কাৰ্যালয়ৰ বিস্ফোৰণত আহত ৩

পশ্চিমবংগত চলি আছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান । তাৰ মাজতে ৰাজ্যখনত উত্তেজনাময় পৰিৱেশ । শুকুৰবাৰে পশ্চিম বংগৰ বাংকুৰা জিলাৰ জয়পুৰ অঞ্চলত তৃণমূল কংগ্ৰেছ (টিএমচি) কাৰ্যালয়ত হোৱা বিস্ফোৰণত কমেও তিনিজন লোক আহত হয় । বিস্ফোৰণটো বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে সংঘটিত হয় ।

By

Published : Mar 27, 2021, 6:47 PM IST

পশ্চিম বংগৰ টিএমচি কাৰ্যালয়ৰ বিস্ফোৰণত আহত ৩
পশ্চিম বংগৰ টিএমচি কাৰ্যালয়ৰ বিস্ফোৰণত আহত ৩

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: পশ্চিমবংগত চলি আছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান । তাৰ মাজতে ৰাজ্যখনত উত্তেজনাময় পৰিৱেশ । শুকুৰবাৰে পশ্চিমবংগৰ বাংকুৰা জিলাৰ জয়পুৰ অঞ্চলত তৃণমূল কংগ্ৰেছ (টিএমচি) কাৰ্যালয়ত হোৱা বিস্ফোৰণত কমেও তিনিজন লোক আহত হয় । বিস্ফোৰণটো বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহৰ এদিন পূৰ্বে সংঘটিত হয় ।

আনহাতে টিএমচি কৰ্মীসকলে দাবী কৰিছিল যে বিস্ফোৰণৰ ঘটনাত কোনো বাওঁপন্থীৰ লোক আছে বুলি ভাৰতীয় জনতা পাৰ্টী (বিজেপি) য়ে অভিযোগ কৰে । উল্লেখ্য যে, পশ্চিমবংগত প্ৰথম পৰ্যায়ত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ২১ জন মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব । ভোটগ্ৰহণ আবেলি ৬.৩০ বজাত সমাপ্ত হয় ।

লগতে পঢ়ক: পশ্চিমবংগত উত্তেজনা: মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ টিএমচিৰ প্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details