নেচনেল ডেস্ক,28 ফেব্ৰুৱাৰী:প্ৰেংক ভিডিঅ' আপলোড কৰি মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে তিনি গৰাকী যুৱক ৷ কেইগৰাকীমান ছোৱালীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক কেইজনে ছোৱালী কেইগৰাকীক ৰাজহুৱা স্থানত আপত্তিজনকভাৱে স্পৰ্শ কৰা বুলি ছোৱালী কেইগৰাকীয়ে অভিযোগ দাখিল কৰিছিল ৷
ছোৱালী কেইগৰাকীয়ে অভিযোগ কৰে যে যুৱক কেইজনে কোনো ভিডিঅ' তৈয়াৰ কৰাৰ বাবে ছোৱালীকেইগৰাকীক প্ৰেংক কৰিছিল ৷ পাছত সেই ভিডিঅ' ফেচবুক আৰু ইউ টিউবত আপলোড কৰিছিল ৷ ছোৱালী কেইগৰাকীক ৰাজহুৱা স্থানত আপত্তিজনকভাৱে স্পৰ্শ কৰি ভিডিঅ' তৈয়াৰ কৰি সামাজিক মাধ্যমত আপলোড কৰা বুলি এক অভিযোগ পোৱাৰ পাছতে চাইবাৰ শাখাই অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰে ৷