অসম

assam

ETV Bharat / bharat

কলকাতাৰ পৰা আটক তিনি বাংলাদেশী সন্ত্ৰাসবাদী - শ্বেখ হাছিনা

কলকাতাৰ হৰিদেৱপুৰ এটা ফ্লেটৰ পৰা আটক কৰা হয় তিনিজন সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহিদিন বাংলাদেশৰ সদস্য ৷ আটকাধীন সদস্যকেইজন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গৃহ জিলা গোপালগঞ্জৰ বুলি জানিব পৰা গৈছে ৷

as-ntl-3-bangladeshi-jihadis-nabbed-in-kolkata-img
কলকাতাৰ পৰা আটক তিনি বাংলাদেশী সন্ত্ৰাসবাদী

By

Published : Jul 12, 2021, 3:56 PM IST

নেশ্যনেল ডেস্ক, 12 জুলাই :কলকাতাৰ হৰিদেৱপুৰ অঞ্চলৰ পৰা আটক তিনিজন জামাত-উল-মুজাহিদিন বাংলাদেশ (Jamaat-ul-Mujahideen Bangladesh)ৰ সন্দেহযুক্ত সদস্য ৷ হৰিদেৱপুৰৰ এটা ভাড়াৰ ফ্লেটৰ পৰা তিনিওকে আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন সদস্যকেইজনক ক্ৰমে মিখাইল খান, ৰবিউল ইছলাম, নাজিউৰ ৰহমান ৷

আটাইকেইজন সদস্যই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)ৰ গৃহ জিলা গোপালগঞ্জৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি তিনিওজন সন্দেহযুক্ত সদস্যই পৰিয়ালৰ লোকৰ চিকিৎসাৰ নামত বিগত কিছুমাহ ধৰি কলকাতাত আছিল ৷ কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলক জিহাদী কাৰ্যকলাপত লিপ্ত কৰোৱাৰ বাবে নিধি সংগ্ৰহ কৰি আছিল ৷

বাংলাদেশ চোৰাংচোৱাই (Bangladesh Intelligence) তিনিওকে চিনাক্ত কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ কথাটো নিশ্চিত কৰিছে ৷

বাংদেশৰ ইছলামিক সন্ত্ৰাসবাদীসকল ভাৰতলৈ বিশেষকৈ পশ্চিমবংগলৈ পলায়ন কৰাক লৈ ৰাষ্ট্ৰখনে দীৰ্ঘদিন ধৰি উদ্বেগ প্ৰকাশ কৰি আহিছে ৷ ইয়াৰে কিছুসংখ্যকে পুনৰ বাংলাদেশলৈ গৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিছে ৷ উল্লেখ্য যে, যোৱা এটা দশকত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে আৰু শ্বেখ হাছিনাৰ চৰকাৰৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ লগতে দেশখনৰ ভূমি ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ হ’ব নিয়াৰ সংকল্পই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

আবু মুছাৰ দৰে জামাত-উল-মুজাহিদিন বাংলাদেশৰ (JMB) কেইগৰাকীমান শীৰ্ষ নেতাক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যদিও চালাহুদ্দিন ছালেহীন আদি নেতা এতিয়াও মুক্ত অৱস্থাত আছে ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰত ৰাজ্যখনৰ পৰা ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান শাখাই 6 জনকৈ অল-কায়দাৰ (Al-Qaeda) সদস্যক আটক কৰিবলৈ সক্ষম হৈছিল ৷

আটকাধীন সদস্যকেইজনৰ পৰা নিয়াই বহুটো আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰাৰম্ভিক তদন্তত সদস্যকেইজনে ৰাজধানী দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন স্থানত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল ৷

লগতে পঢ়ক-ৰাজনীতিলৈ ওভতাৰ ইংগিত ৰজনীকান্তৰ

ABOUT THE AUTHOR

...view details