নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীৰ প্ৰতিষেধকৰ ক'লা বেহা । ৰেমডেচিবিৰ বেজীৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ৰেমডেচিবিৰ সাতটাকৈ ভাইল জব্দ কৰিছে । আটাইকেইজনকে দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । তিনিওজনৰ বিৰুদ্ধে দৰিয়াগঞ্জ থানাত গোচৰ ৰুজু কৰা হৈছে ।
ধৃত তিনিওজনে ৰেমডেচিবিৰ প্ৰতিটো বেজী অবৈধভাৱে ৭০,০০০ টকাত বিক্ৰী কৰি আছিল । লোককেইজন ক্ৰমে লিখিত গুপ্তা, অৰ্জুন জৈন আৰু আকাশ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে । ধৃত লিখিত গুপ্তা আৰু অৰ্জুন জৈনে দিল্লীৰ চান্দনী চ'কৰ দৰিয়াগঞ্জত ঔষধৰ দোকানত অবৈধভাৱে ৰেমডেচিবিৰ ব্যৱসায় চলাই আহিছিল । আনহাতে, আকাশ বাৰ্মা পেছাত এজন সোণাৰী ।