অসম

assam

By

Published : May 8, 2023, 3:29 PM IST

ETV Bharat / bharat

IAS Sewali Devi Case: শাহু আৰু জোঁৱাইৰ 105 কোটি টকীয়া কেলেংকাৰী; আদালতত শেৱালি দেৱীসহ তিনি অভিযুক্ত

সোমবাৰে SCERT কেলেংকাৰীৰ অন্যতম অভিযুক্ত শেৱালি দেৱী শৰ্মা, অজিত পাল সিং আৰু আমিনক আদালতত হাজিৰ কৰোৱা হয় (Sewali Devi produced in court) । অসম আৰক্ষীয়ে ৰাজস্থানৰ কোটৱালী আৰক্ষী থানাৰ সহায়ত তিনিওজন অভিযুক্তৰে ট্ৰেঞ্জিট ৱাৰেণ্টৰ বাবে আবেদন দাখিল কৰে আদালতত । ট্ৰেঞ্জিট ৱাৰেণ্ট লাভৰ পিচত অসমলৈ আনিব তিনিওগৰাকী অভিযুক্তক ।

IAS Sewali Devi Case
IAS Sewali Devi Case

শেৱালি দেৱীসহ ৩ অভিযুক্তক আদালতত হাজিৰ

নিউজ ডেস্ক, ৮ মে' :১০৫ কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মা, অজিত পাল সিং আৰু আমিনক সোমবাৰে আদালতত হাজিৰ কৰাই ট্ৰেঞ্জিট ৱাৰেণ্টৰ বাবে আবেদন দাখিল কৰে (Sewali Devi produced in court) । আনহাতে, আদালতত হাজিৰ কৰোৱাৰ সময়ত তিনিওজন অভিযুক্তই সংবাদ মাধ্যমৰ পৰা মুখ লুকুৱাবলৈ চেষ্টা কৰা দেখা যায় । ইফালে অসম আৰক্ষীৰ বিষয়াসকলেও সংবাদ মাধ্যমৰ আগত কোনো কথা প্ৰকাশৰ পৰা বিৰত থাকে । উল্লেখ্য যে, এই সমগ্ৰ বিষয়টো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰীক্ষণত আছে (Assam suspended IAS Sewali Devi arrested) ।

শুকুৰবাৰে SCERT কেলেংকাৰীৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মা, তেওঁৰ জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ আমিনক অসম আৰক্ষীয়ে ৰাজস্থানৰ আজমীৰ চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে (SCERT Scam accuse Sewali Devi Arrested)। উল্লেখ্য, SCERT-ৰ প্ৰাক্তন সঞ্চালক হিচাপে আইএএছ শেৱালি দেৱী শৰ্মা নিয়োজিত হৈ থকাৰ সময়ত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (SCERT) 105 কোটি টকীয়া কেলেংকাৰিত অভিযুক্ত হৈছিল শেৱালি দেৱী । অৱশেষত শেৱালি দেৱী শৰ্মা, অজিত পাল সিং, আমিনৰ লগতে সহায়কাৰী মাজনী কাইঠা অসম আৰক্ষীৰ জালত পৰে (IAS Sewali Devi arrested in Ajmer Rajasthan) ৷

উল্লেখ্য যে, তিনিওজনেই শুকুৰবাৰৰ পৰা জয়পুৰ ৰোডৰ ক্ৰছ লাইন হোটেলত বাহৰ পাতি আছিল । দেওবাৰে সন্ধিয়া কোটৱালী আৰক্ষী থানাৰ সহযোগত অসম আৰক্ষীয়ে সংগীসহ শেৱালি দেৱী শৰ্মাক গ্ৰেপ্তাৰ কৰে । সোমবাৰে অসম আৰক্ষীয়ে কোটৱালী আৰক্ষী থানাৰ সহযোগত শেৱালী দেৱী শৰ্মাক আদালতত হাজিৰ কৰায় ।

প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ এইগৰাকী মহিলা আইএএছ বিষয়াৰ বিৰুদ্ধে ১০৫ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে । ইতিমধ্যে অসম চৰকাৰে আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাক নিলম্বন কৰিছে । সোমবাৰে পুৱা অসম আৰক্ষীৰ বিষয়াসকলে কোটৱালী আৰক্ষী থানাৰ সৈতে অভিযুক্তকেইজনক প্ৰথমে লৈ যাবৰ বাবে অতিৰিক্ত জ্যেষ্ঠ অসামৰিক ন্যায়াধীশ আৰু অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালত নং ১-ত ট্ৰেঞ্জিট ৱাৰেণ্টৰ আবেদন দাখিল কৰে । জানিব পৰা মতে, আদালতৰ পৰা ট্ৰেঞ্জিট ৱাৰেণ্টৰ অনুমোদন লাভ কৰাৰ পিছতে অসম আৰক্ষীয়ে শেৱালি দেৱী শৰ্মাক অসমলৈ আনিব ।

উল্লেখ্য যে ১০৫ কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শেৱালি দেৱী শৰ্মা তেওঁৰ জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ আমিনৰ সৈতে শনিবাৰৰ পৰা আজমিৰত আছিল । অসম আৰক্ষীয়ে নিৰন্তৰ অভিযুক্তকেইজনৰ অৱস্থান অনুসৰণ কৰি আছিল । আজমীৰত অভিযুক্তকেইজনৰ অৱস্থান সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত অসম আৰক্ষীয়ে আজমিৰ আৰক্ষীৰ পৰা সহযোগিতা বিচাৰে । তাৰ পিছতে অসম আৰক্ষীয়ে দেওবাৰে সন্ধিয়া আজমিৰত উপস্থিত হৈ আজমীৰৰ কোটৱালী আৰক্ষী থানাৰ সহযোগত শেৱালি দেৱী শৰ্মাকে ধৰি তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

কিন্তু ট্ৰেঞ্জিট ৱাৰেণ্ট কিয় ? উল্লেখ্য যে, অভিযুক্তকেইজনক অসমলৈ আনিবৰ বাবে সময় লাগিব । যাৰ বাবে অভিযুক্তক 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰিব নোৱাৰি । সেয়েহে অসম আৰক্ষীয়ে আজমিৰ এচিজেএম আদালত নং 1-ত ট্ৰেঞ্জিট ৱাৰেণ্টৰ বাবে আবেদন কৰে যাতে গ্ৰেপ্তাৰ কৰা আইএএছ বিষয়া শেৱালি দেৱী শৰ্মা, অজিত পাল সিং আৰু আমিনক অসমলৈ আনিব পাৰে ।

লগতে পঢ়ক :SCERT Scam : SCERT কেলেংকাৰীৰ অভিযুক্ত শেৱালি দেৱী শৰ্মাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details