নিউজ ডেস্ক, ১৭ জানুৱাৰী :বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত (BJP National executive) দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে (BJP President JP Naddas Term Extended by 1 Year) । বিজেপিয়ে প্ৰকাশ কৰিছে যে এই বছৰটো সদস্যপদৰ বছৰ । 6 বছৰত দলটোৰ সদস্যপদৰ নৱীকৰণ কৰাৰ নিয়ম আছে । কিন্তু কৰোনা মহামাৰীৰ কাৰণে সদস্যতা অভিযান চলোৱা হোৱা নাছিল । বিজেপিৰ কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হৈছে যে জে পি নাড্ডাই ২০২৪ চনৰ জুনলৈকে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকিব (JP Nadda remain president till 2024) ।
মন কৰিবলগীয়া যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) জে পি নাড্ডাৰ সভাপতিত্বতেই প্ৰতিদ্বন্দ্বিতা কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) কয় যে জে পি নাড্ডাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে বহুতো ৰাজ্যত নিৰ্বাচনত জয়লাভ কৰিছে । তেওঁৰ নেতৃত্বত গুজৰাটত দলৰ বিজয় অতুলনীয় । দলটোৱে উত্তৰ প্ৰদেশ আৰু গোৱাতো জয়লাভ কৰিছে । ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো দলটোৰ প্ৰদৰ্শন উন্নত হৈছে ।
এই প্ৰসংগত অমিত শ্বাহে কয় যে জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উপস্থাপন কৰে । এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় । তেওঁ কয় যে বিজেপি হৈছে দেশৰ আটাইতকৈ বেছি গণতান্ত্ৰিক দল । ২০২৩ চনত ৯ খন ৰাজ্যত বিধানসভা আৰু ২০২৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰেই পৰিপ্ৰেক্ষিতত নাড্ডাজীৰ কাৰ্যকাল বৃদ্ধিৰ বাবে এটা প্ৰস্তাৱ গৃহণ কৰি তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ।