নিউজ ডেস্ক, ১৬ আগষ্ট:উত্তৰাখণ্ডৰ মদমহেশ্বৰ উপত্যকাত আবদ্ধ হৈ থকা ২৯৩ জন তীৰ্থযাত্ৰীক উদ্ধাৰ কৰা হৈছে । দ্বিতীয় কেদাৰ ভগৱান মদমেশ্বৰ ধাম সংযোগী বণ্টোলী দলং ভাঙি পৰাৰ ফলত এই তীৰ্থযাত্ৰীসকল আবদ্ধ হৈ পৰিছিল । আৱদ্ধ হৈ পৰা তীৰ্থযাত্ৰীসকলক ৰছী আৰু বিকল্প পথেৰে নিৰাপদ স্থানলৈ অনা হয় আৰু ইয়াৰ পৰা তেওঁক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় ।
১৩ আগষ্টৰ নিশা মদমহেশ্বৰ অৰ্থাৎ মদমহেশ্বৰ উপত্যকাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গৌণ্ডাৰ গাঁৱৰ বণ্টোলীত গাৰ্ড ব্ৰীজ আৰু পথৰ কিছু অংশ উটি যায় । যাৰবাবে শ শ তীৰ্থযাত্ৰী আৰু স্থানীয় লোক উপত্যকাটোত আবদ্ধ হৈ পৰে । তেওঁলোকৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাও আছিল । এই সময়চোৱাত তেওঁলোক বহু সমস্যাৰ সন্মুখীন হয় আৰু প্ৰশাসনৰ ওচৰত সহায়ৰ বাবে আবেদন জনায় ।
অভিযোগ কৰা হৈছে যে প্ৰথম দিনাই উদ্ধাৰ সন্দৰ্ভত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । দ্বিতীয় দিনা এছডিআৰএফ আৰু ডিডিআৰএফৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ কথমপি সেই স্থানত উপস্থিত হয় যদিও প্ৰচণ্ড বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে উদ্ধাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় । বৰষুণ হ্ৰাস পোৱাৰ লগতে জলস্তৰ কমি অহাত মঙলবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ।