নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ:আজৱ দেশৰ গজৱ কাণ্ড ৷ দেশজুৰি নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে (Rape case in Kranataka)৷ এইবাৰ নাতিৰ বয়সৰ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী আইতা (28 year man raped 70 year grandmother)৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটক কালাবুৰাগি জিলাত ৷
ঘটনা অনুসৰি এগৰাকী 70 বছৰীয়া বৃদ্ধাই দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁৰ ৰোগীয়া হৈ থকাৰ কাৰণে আন্নাউ গাঁৱত বাস কৰা নাতিনীয়েকৰ ঘৰত বাস কৰিছিল ৷ প্ৰতিদিনৰ দৰেই নাতিনীয়েকে আইতাগৰাকীক বাহিৰৰ পৰা দুৱাৰ মাৰি চুবুৰীয়া এঘৰ লোকৰ ঘৰলৈ গৈছিল ৷
লগতে পঢ়ক:Girl Molestation Case: এচিড আক্ৰমণৰ ভয়ত দুবছৰ ধৰি ঘৰতে আৱদ্ধ হৈ আছে এগৰাকী ছাত্ৰী
ঘৰত কোনো নথকাৰ সেই সুযোগতে সন্তোষ নামৰ এজন 28 বছৰীয়া যুৱক ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰে ৷ তাৰ পিছতেই সন্তোষৰ কামনাৰ বলি হয় আইতাগৰাকী ৷ ঠিক সেই সময়তে তেওঁৰ নাতীয়েকগৰাকী ঘৰলৈ আহি ঘৰৰ দুৱাৰ খোলা দেখি হতভম্ব হয় ৷ ইয়াৰ পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি সন্তোষক হাতে লোটে ধৰা পেলায় আৰু নাতিনীয়েকগৰাকীয়ে চিঞৰ বাখৰ কৰাত সন্তোষে সেই স্থানৰ পৰা পলায়ন কৰে ৷