মিজোৰাম, 26 ফেব্ৰুৱাৰী:মিজোৰামত পুনৰ 6 গৰাকীকৈ লোক ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ 25 ফেব্ৰুৱাৰীত ৰাজ্যখনত 6 গৰাকী লোক নতুনকৈ এই অতিমাৰীত আক্ৰান্ত হয় ৷ জানিব পৰা মতে আক্ৰান্ত 6 গৰাকীৰ ভিতৰত পাঁচ গৰাকী ৰেপিড এন্টিজেন টেষ্টত ক'ভিড-19 আক্ৰান্ত বুলি ধৰা পৰাৰ লগতে অন্যগৰাকী TrueNAT পৰীক্ষাগাৰত কৰা পৰীক্ষণত ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷
উল্লেখ্য যে, জ'ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰটিপিচিআৰ পৰীক্ষাগৰাত 25 টা নমুনা পৰীক্ষা কৰা হৈছিল যদিও এটাও নমুনা ক'ভিড-19 ত আক্ৰান্ত পোৱা ন'গল ৷ কিন্তু, ৰাজ্যখনৰ বিভিন্ন জিলাৰ TrueNAT পৰীক্ষাগাৰত কৰা 26 টা নমুনাৰ পৰীক্ষণৰ ভিতৰত এটা নমুনা ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷ আক্ৰান্ত নমুনাটো এগৰাকী 40 বৰ্ষীয় মহিলাৰ বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনত হোৱা ৰেপিড এন্টিজেন টেষ্ট কৰা 944 টা নমুনাৰ ভিতৰত অন্য পাঁচ গৰাকী আক্ৰান্ত ৰোগী ধৰা পৰে ৷ আক্ৰান্ত ছয় গৰাকীৰ ভিতৰত তিনি গৰাকী পুৰুষ, দুগৰাকী মহিলা, এটি এবছৰীয়া শিশু আৰু এজন 33 বৰ্ষীয় পুৰুষ আছে ৷