নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ: আজি ১৩ বছৰ হ'ল ২৬/১১ মুম্বাই আক্ৰমণৰ (26/11 Mumbai attacks) । এতিয়াও কালিকালগা দিনটোৰ কথা পাহৰিব পৰা নাই ভাৰতবাসীয়ে । অভিশপ্ত দিনটোৰ কথা ভাৱিলে এতিয়াও কঁপি উঠে বুকু । সন্ত্ৰাসবাদীৰ গুলীয়ে বুকু ভেদিছিল নিৰীহৰ(Terrorists attacks in Mumbai) । তেজেৰে ৰাঙলী হৈছিল ৰে'ল ষ্টেচনৰ প্লেটফৰ্ম, হোটেল, কেফে ।
এই ভয়াৱহ আক্ৰমণে চিৰদিনৰ বাবে সলনি কৰি দিছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক (India-Pakistan relations after Mumbai attacks)। এই আক্ৰমণৰে জড়িত অপৰাধীৰ শাস্তিৰ বাবে পাকিস্তানক দাবী জনাই আহিছে ভাৰতে । কিন্তু পাকিস্তানে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে । উল্লেখ্য যে, ২০০৮ চনৰ নৱেম্বৰ মাহত ১০টা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ একাধিক গুৰুত্বপূৰ্ণ স্থানত চলাইছিল আক্ৰমণ (Terrorists attacks in Mumbai) ।
মেচিন গান আৰু গ্ৰেণেডেৰে কৰা আক্ৰমণত মুঠ ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল (Mumbai terrorist attack of 2008) । ইয়াৰ ভিতৰত আছে নিৰাপত্তা বাহিনীৰ ১৮ জন জোৱান । আনহাতে, বহু লোক গুৰুতৰভাৱে আহত হৈছিল এই ভয়াৱহ আক্ৰমণত ।
তেতিয়াৰে পৰাই, ভাৰতে দাবী কৰি আহিছে যে এই আক্ৰমণ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্যই চলাইছিল আৰু এই আক্ৰমণৰ পৰিকল্পনা কাৰাচীৰ পৰা কৰা হৈছিল (Lashkar-e-Taiba attacks in Mumbai) । ভাৰতে এই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানক দিছে । লগতে সন্ত্ৰাসবাদী সংগঠনটো আৰু আক্ৰমণৰ আঁৰত থকা হাফিজ মহম্মদ চৈয়দ আৰু জাকিউৰ ৰহমান লাখৱীকে ধৰি নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতে পাকিস্তানক দাবী জনাই আহিছে । কিন্তু, পাকিস্তানে ব্যৱস্থা গ্ৰহণ কৰাত এতিয়াও গুৰুত্ব দিয়া নাই ।