নিউজ ডেস্ক, 2 জানুৱাৰী : 26/11ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাকি-উৰ-ৰেহমান লাকভিক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানে ৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ লাকভিক সন্ত্ৰাসবাদজনিত গোচৰত গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীৰ চোৰাংচোৱা বিভাগে ৷ 2015ৰ পৰাই জামিনত মুকলি হৈ থকা লাকভিৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে (CTD) লাভ কৰা তথ্যৰ ভিত্তিতে সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ চিটিডিয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ লাকভিক সন্ত্ৰাসবাদক পূঁজি যোগান ধৰা অপৰাধতে গ্ৰেপ্তাৰ কৰিছে বিভাগটোৱে ৷ বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰিছে বিভাগে ৷
সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অভিযোগত লাহোৰ আৰক্ষী চকীত লস্কৰ-ই-তৈবাৰ অপাৰেশ্বন কামাণ্ডাৰ তথা 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকি-উৰ-ৰেহমান লাকভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিভাগটোৱে ৷ লাকভিৰ বিৰুদ্ধে সন্ত্ৰাসবাদমুলক কাৰ্যকলাপৰ বাবে লাভ কৰা পূঁজিৰ সহযোগত এখন পশু চিকিৎসালয় চলাই অহাৰ অভিযোগ আছিল ৷
পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ অপাৰেশ্বন কামাণ্ডাৰ লাকভিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ দ্বাৰা মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিচতেই গ্লোবেল সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল 2008 চনত ৷ মুম্বাইত হোৱা 26/11 আক্ৰমণৰ আঁৰতে আছিল জাকি-উৰ-ৰেহমান লাকভি, যাৰ নিৰ্দেশত 10টাকৈ সুসজ্জিত পাকিস্তানী সন্ত্ৰাসবাদীয়ে 166 ৰো অধিক লোকক হত্যা কৰাৰ লগতে 300 ৰো অধিক লোকক আঘাতপ্ৰাপ্ত কৰিছিল ৷