নেশ্যনেল ডেস্ক,১৭ জুলাই :কৰ্ণাটকৰ বেংগালুৰুত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিৰোধী দলৰ বৈঠক । বিজেপি বিৰোধী দলসমূহৰ এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰায় ২৬ টা দলে অংশগ্ৰহণ কৰিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু দলটোৰ নেতা ৰাহুল গান্ধী যুটীয়া বিৰোধী বৈঠকৰ বাবে বেংগালুৰুত উপস্থিত হৈছে । জ্যেষ্ঠ নেতাকেইগৰাকীক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে আদৰণী জনাইছে ।
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে যুটীয়া বিৰোধী বৈঠকৰ বাবে বেংগালুৰু অভিমুখে ৰাওনা হৈছে । আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু দলৰ নেতা তথা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও পাটনা ত্যাগ কৰিছে । আৰজেডিৰ নেতাসকলেও বেংগালুৰুত যুটীয়া বিৰোধী বৈঠকত অংশগ্ৰহণ কৰিব ।
পিডিপিৰ মুৰব্বী মেহবুবা মুফতিও বিৰোধী দলৰ বৈঠকৰ বাবে বেংগালুৰুত উপস্থিত হৈছে । নেশ্যনেল কনফাৰেন্সৰ (এনচি) সভাপতি ফাৰুক আব্দুল্লাও কৰ্ণাটকৰ বেংগালুৰুৰ বিৰোধী বৈঠকৰ বাবে দিল্লীৰ পৰা ৰাওনা হৈছে । বেংগালুৰুৰ এখন পঞ্চতাৰকা হোটেলত বিৰোধী নেতাসকলে বাহৰ পাতিছে বুলি জানিব পৰা গৈছে ।