ত্ৰিপুৰা, 10 নৱেম্বৰ :ত্ৰিপুৰাত ক্ৰমাগতভাবে বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যখনৰ আঠখন জিলাৰ ভিতৰত ছয়খন জিলাত প্ৰায় ২৫৫ টা ডেংগুৰ ঘটনা ধৰা পৰিছে ৷ ইয়াৰে ৭৩ জন লোক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ত্ৰিপুৰাৰ ৰোগ নিৰীক্ষণ বিষয়া ড৹ দীপ কুমাৰ দেৱবাৰ্মাই বুধবাৰে সন্ধিয়া এক সংবাদমেলত সদৰি কৰে এই তথ্য ৷
ড৹ দীপ কুমাৰ দেৱবাৰ্মাই সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাজ্যখনত চলিত বৰ্ষত ডেংগু ৰোগীৰ ঘটনা ২০১৭ চনৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । ২০১৭ চনত ডেংগুৰ ঘটনা আছিল ১২৭টা , ২০১৮ চনত ১০০ টা, ২০১৯ চনত ১০৯ টা আৰু ২০২০ চনত ২৪ টা ৷ কিন্তু চলিত বৰ্ষত ৰাজ্যখনত ডেংগীত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৫৫ টা ৷ আনহাতে আক্ৰান্ত সকলৰ সৰ্বাধিক লোক ত্ৰিপুৰাৰ গোমতী, চেপাহিজালা, উনাকোটি, দক্ষিণ আৰু উত্তৰ জিলাত ধৰা পৰিছে ৷