নিউজ ডেস্ক, 10 নৱেম্বৰ :সীমা সুৰক্ষা বাহিনীৰ অতিৰিক্ত মহানিৰ্দেশক সুৰেন্দ্ৰ পৱাৰে কয় যে, সীমান্তৰ সীপাৰৰ পৰা ভাৰতত প্ৰৱেশৰ বাবে সাজু হৈছে 250ৰো অধিৰ সন্ত্ৰাসবাদী ৷ শ্ৰীনগৰত সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অতিৰিক্ত মহানিৰ্দেশক সুৰেন্দ্ৰ পৱাৰে ৷ কিন্তু সন্ত্ৰাসাবাদীক প্ৰতিহত কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীসমূহো সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷
বিএছএফৰ এডিজিগৰাকীয়ে কয় যে, নিয়ন্ত্ৰণৰেখাৰ সিপাৰে থকা সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ স্থানত 250ৰ পৰা 300 সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ বাবে সাজু হৈ আছে ৷ বৰফ পৰাৰ আগতেই নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাব এইসকল সন্ত্ৰাসবাদীয়ে ৷ নৱেম্বৰত এইধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও আমাৰ জোৱানসকলৰ লগতে সৈনিকসকলে ইয়াক প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে ৷
বিএছএফ এডিজি সুৰেন্দ্ৰ পৱাৰ শ্ৰীনগৰস্থিত বিএছএফ মুখ্যালয়ত শ্বহীদ জোৱান সুদীপ সৰকাৰক শ্ৰদ্ধাঞ্জলি প্ৰদানৰ পিচতেই সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে বিএছএফৰ এডিজিগৰাকীয়ে ৷ বিএছএফৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে, এই বৰ্ষত ভাৰতীয় সীমান্তৰে 25-30 গৰাকী সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশত সফল হৈছে ৷ কিন্তু বিগত বৰ্ষত 140ৰো অধিক সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰিছিল ৷ কুপৱাৰাৰ মাখিল ছেক্টৰত সৰ্বাধিক পৰিমানৰ অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হয় ৷
কুপৱাৰাৰ মাখিল ছেক্টৰত বিগত 7-8 নৱেম্বৰৰ ৰাতি হোৱা সংঘৰ্ষত কনিষ্টবল সুদীপ সৰকাৰ শ্বহীদ হয় ৷ এই ঘটনাত স্থলসেনাৰ কেপ্টেইন আশুতোষ কুমাৰ আৰু আন দুগৰাকী জোৱানো শ্বহীদ হয় ৷ ত্ৰিপুৰাৰ আগৰতলাৰ বাসিন্দা সুদীপে পত্নীৰ সৈতে দুগৰাকী কন্যা সন্তান এৰি থৈ গৈছে ৷
লগতে পঢ়ক :যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ ভাৰতক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ