নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ :গুজৰাটত শনিবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । বাইক, অট’ৰিক্সাকে ধৰি প্ৰায় ২৫ খনকৈ বাহন এই অগ্নিকাণ্ডত ভস্মীভূত হয় । ৰাজ্যখনৰ খেদা জিলাৰ খেদা টাউন আৰক্ষী থানাৰ চৌহদত সংঘটিত হৈছে এই ঘটনা । অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই ।
অগ্নিকাণ্ডৰ পাছতে নাদিয়াদ অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আহমেদাবাদ, মেহমেদৱাড, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (ONGC) অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয় । প্ৰায় ডেৰ ঘণ্টা ধৰি জুই নুমুৱাবলৈ চেষ্টা চলাইছিল অগ্নিনিৰ্বাপক বাহিনীয়ে । নাদিয়াদ অগ্নি নিৰ্বাপক বিভাগৰ অগ্নি নিৰ্বাপক অধীক্ষক দীক্ষিত পেটেলে জনোৱা মতে খেদা টাউন আৰক্ষী থানাৰ চৌহদত উদ্ধাৰ হোৱা বাহন আৰু সামগ্ৰীসমূহত জুইৰ সূত্ৰপাত হয় ।