নিউজ ডেস্ক, ৪ অক্টোবৰ: যোৱা দুদিন ধৰি মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা । তিনিদিনত এই চৰকাৰী চিকিৎসালয়কেইখনত ৩৫ জন লোকৰ মৃত্যু ঘটিছে । মহাৰাষ্ট্ৰৰ ছত্ৰপতি সাম্ভাজীনগৰৰ ঘাটি চিকিৎসালয়ত ২৪ ঘণ্টাৰ ভিতৰতে ১৮ জন ৰোগীৰ মৃত্যু হোৱা ঘটনাৰ পিচতে এতিয়া নাগপুৰৰ চৰকাৰী চিকিৎসালয়ৰ পৰা আহিছে ৰোগীৰ মৃত্যুৰ এই খবৰ । নাগপুৰৰ দুখন চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ২৫ জন ৰোগীৰ মৃত্যু ।
নাগপুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ইন্দিৰা গান্ধী মহাবিদ্যালয়ত যোৱা ২৪ ঘন্টাত ২৫ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ১৬ জন আৰু মায়ো হাস্পতালত ৯ জন ৰোগীৰ মৃত্যু । মৃতকৰ ভিতৰত কিছুমান নৱজাতককে ধৰি বিভিন্ন বয়সৰ ৰোগী আছে । প্ৰশাসনে দাবী কৰিছে যে, ব্যক্তিগত চিকিৎসালয়ৰ অতি সংকটজনক ৰোগী আৰু ভেণ্টিলেটৰত থকা ৰোগীক মেয়’ চিকিৎসালয়লৈ প্ৰেৰণ কৰা বাবে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ।
মধ্য ভাৰতৰ চিকিৎসা কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে নাগপুৰ চহৰে । হাজাৰ হাজাৰ ব্যক্তিগত চিকিৎসালয়ৰ লগতে দুখন চিকিৎসা মহাবিদ্যালয় নাগপুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় (মায়ো) চহৰখনত বিদ্যমান । চুবুৰীয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশৰ পৰাও ৰোগী নাগপুৰৰ এই দুখন চিকিৎসালয়ত চিকিৎসাৰ বাবে আহে ।