নেশ্যনেল ডেস্ক, 3 অক্টোবৰ:মহাৰাষ্ট্ৰৰ চৰকাৰী হাস্পতালতচাঞ্চল্যকৰ ঘটনা ।24 ঘণ্টাত নান্দেদ চৰকাৰী চিকিৎসালয়ত মৃত্যু ঘটিল 24 জন ৰোগীৰ; ইয়াৰ ভিতৰত আছে 12 টাকৈ নৱজাতক ৷ এই ঘটনাই সম্প্ৰতি বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷
জানিব পৰা মতে, সময়মতে ঔষধ যোগানৰ অভাৱত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । সমগ্ৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত হাফকিন মেডিচিনৰ ঔষধৰ ব্যাপক নাটনি হৈছে বুলি জানিব পৰা গৈছে । যাৰ বাবে ব্যাপক অব্যৱস্থাৰ সন্মুখীন হৈছে স্বাস্থ্য ব্যৱস্থা । চৰকাৰী চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে মৃতকৰ ভিতৰত জিলাখনৰ বাহিৰৰ অধিক ৰোগী আছে বুলি দাবী কৰে । ঘটনা সন্দৰ্ভত জিলাখনত যথেষ্ট আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন হৈছে ।
ঘটনা সন্দৰ্ভত ডাঃ শংকৰৰাও চৱন চৰকাৰী চিকিৎসালয়, নান্দেদ আদিত্য এছ আৰ ৱাকোডে তথ্য প্ৰদান কৰিছে । লগতে চিকিৎসালয়খনৰ আত্মীয়ই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ "ঔষধৰ নাটনি ঘটাৰ বাবে বৰ্তমান ঔষধৰ বোজা ৰোগীয়ে নিজেই বহন কৰিবলগীয়াত পৰিছে । নান্দেদ অঞ্চলত 70-80 কিলোমিটাৰ পৰ্যন্ত এলেকাত নান্দেদ সদৃশ চিকিৎসালয় নাই । সেইবাবেই ৰোগীক এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান পৰ্যন্ত ইয়াত 12 টাকৈ নৱজাতকৰ মৃত্যু ঘটিছে । ঔষধ ক্ৰয় কৰিব নোৱাৰাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে ৷