নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: বুধবাৰে ছত্তিশগড়ৰ নক্সাল অধ্যুষিত ডাণ্টেৱাড়া জিলাত আত্মসমৰ্পণ কৰিলে ২৪ জন নক্সাল সন্ত্ৰাসবাদীয়ে । ডাণ্টেৱাড়াৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে জনোৱা মতে, দক্ষিণ বস্তৰ অঞ্চলত সক্ৰিয় হৈ থকা নক্সাল সন্ত্ৰাসবাদীকেইজনে মঙলবাৰে গণৰাজ্য দিৱসৰ দিনা আৰক্ষীৰ আত্মসমৰ্পণ কৰিছিল ।
ইয়াৰে ৩টা নক্সাল সন্ত্ৰাসবাদীৰ মূৰৰ মূল্য ১ লাখ টকাকৈ নিৰ্ধাৰণ কৰা হৈছিল বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । তেওঁ লগতে কয় যে, বৰ্তমানৰ মাওবাদী আদৰ্শক লৈ আত্মসমৰ্পণকাৰীসকল সন্তুষ্ট নহয় আৰু সেয়ে পূৰ্বৰ দৰে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱাত আগ্ৰহ প্ৰকাশ কৰা নাই । লগতে আত্মসমৰ্পণকাৰী নক্সাল সন্ত্ৰাসবাদীসকল জিলা আৰক্ষীৰ চলোৱা 'লন ৱাৰাটু' অৰ্থাৎ ঘৰলৈ ঘূৰি অহা শীৰ্ষক অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছিল ।