তেজপুৰ, 20 জুন: 47 দিনৰ পিচতো শান্ত হোৱা নাই মণিপুৰ ৷ ৰাজ্যখনৰ ভিন্ন স্থানত এতিয়াও উমি উমি জ্বলি আছে হিংসাৰ দাবানল ৷ প্ৰায় 40 হাজাৰৰো অধিক সেনা মোতায়েন কৰা হৈছে মণিপুৰত পৰিস্থিতি শান্ত কৰাৰ বাবে ৷ কিন্তু ফলপ্ৰসূ হোৱা নাই সেনাৰ প্ৰচেষ্টা ৷ তাৰ মাজতেই সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে মণিপুৰৰ বিধায়কৰ 24 জনীয়া এটা দলে ৷ বিজেপি, এনপিপি আৰু জেডিইউৰ বিধায়কেৰে সংগঠিত গোটটোৱে ৰাজ্যখনৰ সাম্প্ৰতিক আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷
মণিপুৰ চৰকাৰে এখন প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এই বৈঠকৰ সময়ত বিধায়কৰ দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰ ভিতৰত ৰাজ্যখনৰ বাবে জীৱনৰেখা স্বৰূপ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ দাবী আছিল অন্য়তম ৷ মণিপুৰত সংঘাত আৰম্ভ হোৱা দিন ধৰি অৰ্থাৎ 3 মে’ৰ পৰাই কাংপকপিত বন্ধ হৈ আছে এই অতি গুৰুত্বপূৰ্ণ পথটো ৷
বিধায়কৰ দলটোৱে আলোকপাত কৰা আন কেইটা দিশ হৈছে ৰাজ্যখনৰ আঞ্চলিক অখণ্ডতা যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰা, ৰাজ্যখনত ভূমি নিয়ম উলংঘা কৰা বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ৷ SoO প্ৰত্যাহাৰ কৰা আৰু বিদ্ৰোহীসকলক অতি সোনকালে তেওঁলোকৰ নিৰ্ধাৰিত শিবিৰলৈ ঘূৰাই অনাৰ বিষয়েও আলোচনা কৰা হয় ।
বিধায়কৰ দলটোৱে কেন্দ্ৰীয় নেতৃত্বক সমগ্ৰ ৰাজ্যতে হিংসা প্ৰতিহত কৰি শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ অনুৰোধ জনায় ৷ যাতে সকলোৱে একেলগে শান্তিপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে ৷ দলটোৱে লগতে কয় যে, তেওঁলোকে আলোকপাত কৰা বিষয়সমূহ গুৰুত্বসহকাৰে লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় নেতৃত্বই ৷