অসম

assam

ETV Bharat / bharat

কৰ্ণাটকত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

কৰ্ণাটকৰ চামৰাজনগৰ ক'ভিড চিকিৎসালয়ত অক্সিজেনৰ অভাৱ আৰু আন সমস্যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত ২৪ গৰাকী ৰোগীৰ মৃত্যু হয় । চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন ৫০ জনতকৈও অধিক ৰোগী ভুগি আছে অক্সিজেনৰ অভাৱত ।

24 patients died within 24 hours in Chamarajanagar covid hospital due to oxygen shortage & other problems
কৰ্ণাটকত অক্সিজেনৰ অভাৱত মৃত্যু ২৪ গৰাকী ৰোগীৰ

By

Published : May 3, 2021, 2:28 PM IST

নেশ্যনেল ডেস্ক, ৩ মে': মহামাৰী ভয়াৱহ পৰিস্থিতিয়ে দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ এতিয়া বহু হাস্পতালত । কৰ্ণাটকৰ চিকিৎসালয়তো অক্সিজেনৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ৷ কৰ্ণাটকৰ চামৰাজনগৰ ক'ভিড চিকিৎসালয়ত ২৪ গৰাকীকৈ ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ।

জানিব পৰা অনুসৰি, চিকিৎসালয়খনত অক্সিজেনৰ অভাৱ আৰু আন সমস্যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত ২৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনত অক্সিজেন শেষ হোৱাৰ ফলত ১২ গৰাকী ৰোগীৰ মৃত্যু হৈছে । চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন ৫০ জনতকৈও অধিক ৰোগী অক্সিজেনৰ অভাৱত পৰিছে ।

এই ঘটনাৰ পাচতে মুখ্যমন্ত্ৰী বি এচ য়েদিয়েৰুপ্পাই চামৰাজনগৰৰ উপায়ুক্তক তাচ্ছিল্য কৰে । ইফালে, নিশা এম পি সাংসদ প্ৰতাপ সিংহই এক ফেচবুক পোষ্টযোগে চামৰাজনগৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে আলোচনা কৰি চিকিৎসালয়খনলৈ ৫০ টা চিলিণ্ডাৰ প্ৰদান কৰাৰ লগতে মহীশূৰত অক্সিজেন যোগান ধৰাৰ বাবে সক্ৰিয় হৈ পৰিছে । শনিবাৰেও কালাবুৰ্গীৰ কে বি এন চিকিৎসালয়ত অক্সিজেনৰ অভাৱত ৪ জন ক'ভিড ৰোগীৰ মৃত্যু হয় ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ চাম্বাত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

ABOUT THE AUTHOR

...view details