অসম

assam

ETV Bharat / bharat

প্ৰশান্ত কিশোৰ পৰিচালিত I-PACৰ 22 সদস্যক আটক - Indian Political Action Committee

I-PACৰ 22 সদস্যক আটক ৷ এখন ব্যক্তিগত হোটেলৰ পৰা I-PAC(Indian Political Action Committee)ৰ সদস্যগৰাকীক আটক কৰা হৈছে ৷ ৰাজ্যখনত কিছুমান অনুমতিবিহীন জৰীপ চলোৱাৰ লগতে ভুৱা পৰিচয় ব্যৱহাৰ কৰি কিছুমান লোকৰ বিবৃতি লিপিবদ্ধ কৰাৰ অভিযোগত লোককেইজনক আটক কৰা হৈছে ৷

22 members of prashant kishore lead i pac team detained
প্ৰশান্ত কিশোৰ পৰিচালিত I-PACৰ 22 সদস্যক আটক

By

Published : Jul 26, 2021, 9:20 PM IST

আগৰতলা, 26 জুলাই :নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক পৰামৰ্শদাতা কোম্পানী I-PAC(Indian Political Action Committee)ৰ প্ৰায় 22 গৰাকী সদস্যক আগৰতলাত আটক ৷ আগৰতলাৰ এখন ব্যক্তিগত হোটেলৰ পৰা আটাইকেইগৰাকী সদস্যক আটক কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আটকাধীন লোককেইজনে ৰাজ্যখনত কিছুমান অনুমতিবিহীন জৰীপ চলোৱাৰ লগতে ভুৱা পৰিচয় ব্যৱহাৰ কৰি কিছুমান লোকৰ বিবৃতি লিপিবদ্ধ কৰিছিল ৷

ঘটনা সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰি পূব-আগৰতলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৰোজ ভট্টাচাৰ্যই কয় যে, আটাইকেইগৰাকী লোককে আটক কৰা হৈছে আৰু তেওঁলোকক এতিয়া জেৰা চলোৱা হ'ব ৷ হোটেলত এক নিয়মীয়া অনুসন্ধান চলোৱাৰ সময়ত লোককেইজন আৰক্ষীৰ জালত পৰে বুলি জানিব পৰা গৈছে ৷ দেওবাৰে ৰাতিতো আটাইকেইজনকে আৰক্ষীৰ জিম্মাত ৰাখি থোৱা হয় ৷

উক্ত ঘটনা সংঘটিত হোৱাৰ মাজতে তৃণমূল কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰে যে, এই ঘটনাৰ খবৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী, দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ কাষ পাইছেগৈ ৷ আৰক্ষীৰ সূত্ৰই এই লোকসকল সন্দেহজনক কাৰ্যকলাপত জড়িত আছিল বুলি দাবী কৰিছে ৷ আৰক্ষীৰ সূত্ৰই এই কথাও জানিবলৈ দিয়ে যে, I-PAC দলৰ সদস্যৰ সংখ্যা 50 জনৰো অধিক হোৱাৰ সম্ভাৱনা আছে ৷ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি জৰীপ চলোৱাৰ উদ্দেশ্যে এই লোকসকল ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত বাহৰ পাতি আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ

ABOUT THE AUTHOR

...view details