অসম

assam

ETV Bharat / bharat

বিগত বৰ্ষত ত্ৰিপুৰাত আত্মসমৰ্পণ ২৭ জন উগ্ৰপন্থীৰ - ত্ৰিপুৰাত উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত আছে

ত্ৰিপুৰাত অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিগত বছৰত আৰক্ষীৰ আগত আত্মসমৰ্পণ বিভিন্ন সংগঠনৰ ২৭ টা উগ্ৰপন্থীৰ (Last year 27 Insurgents arrested in Tripura) । চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনত বিশেষ ৱেবছাইট মুকলি । ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অব্যাহত অভিযান ।

Insurgents arrest in Tripura
২০২১ চনত ত্ৰিপুৰা আৰক্ষীৰ হাতত আত্মসমৰ্পণ ২৭ টা উগ্ৰপন্থীৰ

By

Published : Jan 11, 2022, 2:24 PM IST

আগৰতলা, ১১ জানুৱাৰী :ত্ৰিপুৰাত উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত আছে । তাৰমাজতে ২০২১ চনত ৰাজ্যখনত প্ৰায় ২৭ টাকৈ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে (Last year 27 Insurgents arrested in Tripura) । ত্ৰিপুৰা আৰক্ষীয়ে প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰি কয় যে, আত্মসমৰ্পণৰ উপৰিও যোৱা বছৰত ধলাই জিলাৰ মাণিকপুৰ থানাৰ অধীনত আৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত এটা উগ্ৰপন্থী নিহত হয় ।

আৰক্ষীয়ে জনোৱা মতে, ৯ টা NLFT(PD), ১৭ টা NLFT(BM) আৰু এটা KYKL সংগঠনৰ বিদ্ৰোহী সদস্যই আত্মসমৰ্পণ কৰিছে । আত্মসমৰ্পণকাৰীসকলৰ পৰা ৪ টা পিষ্টল, এটা .২২ পিষ্টল, এটা ৰিভলভাৰ, এটা গ্ৰেণেড জব্দ কৰিছে আৰক্ষীয়ে । লগতে ১৫,১৪,৯০০ টকা আৰু ২০ হাজাৰ বাংলাদেশী মুদ্ৰা জব্দ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে দাবী কৰা মতে, যোৱা কেইটামান বছৰত ৰাজ্যখনত সামগ্ৰিকভাৱে অপৰাধমূলক কাৰ্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে । অৱশ্যে চাইবাৰ অপৰাধৰ দৰে কিছুমান নতুন প্ৰত্যাহ্বানমূলক অপৰাধৰ ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে ।

২০২১ চনত ত্ৰিপুৰা আৰক্ষীয়ে চাইবাৰ অপৰাধ গোচৰৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে (Tripura police move to stop cyber crime) । ইতিমধ্যে চাইবাৰ ক্ৰাইম সম্পৰ্কীয় অভিযোগ দাখিল কৰাৰ ক্ষেত্ৰত ৰাইজৰ সুবিধাৰ্থে "www.cybercrime.gov.in" শীৰ্ষক এক নতুন ৱেবছাইট মুকলি কৰা হৈছে ।

ইয়াৰ ফলত চাইবাৰ অপৰাধীৰ কবলৰ পৰা বেংকসমূহে মুঠ ২৩.৯৬ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt initiative to control road accident) । ৰাজ্যখনত "ই-চালান প্ৰণালী" আৰম্ভ কৰা হৈছে ।

এই নতুন পদ্ধতিৰ ফলত বছৰটোত যান-বাহন নিয়ম উলংঘনকাৰীসকলৰ পৰা জৰিমনা হিচাপে মুঠ ২,১৪,৬৭,৭৫০ টকা সংগ্ৰহ কৰিছে চৰকাৰে ।

ইফালে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত নিছা মুক্তি অভিযানৰ অংশ হিচাপে বছৰটোত কেইবাটাও ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হৈছে (Tripura govt steps against drugs) । আৰক্ষীয়ে জনোৱা মতে, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যখনত মুঠ ৩৭,৩১৩ কিল’গ্ৰাম শুকান গাঞ্জা, বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল, ১৩,০২,২৫৯ নিষিদ্ধ টেবলেট আৰু ৩.৪৭৫ কিল’গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে ।

এই সন্দৰ্ভত এনডিপিএছ আইনৰ অধীনত মুঠ ৩২৬ টা গোচৰো ৰুজু কৰা হৈছে । আনহাতে এনডিপিএছ আইনৰ অধীনত ৪৬৫ গৰাকী অভিযুক্তক আটক কৰাৰ লগতে ১০ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিছে ।

লগতে পঢ়ক :যৌন সম্ভোগৰ বাবে সংগী সাল-সলনি কৰি বিপদত একাধিক দম্পতী

ABOUT THE AUTHOR

...view details