নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ: পশ্চিমবংগত এমাজন(Amazon) কোম্পানীৰ কৰ্মচাৰীৰ বেশ ধৰি একাংশ অসাধু লোকে প্ৰতাৰণা কৰি আহিছে সাধাৰণ লোকক । বুধবাৰে পশ্চিমবংগ আৰক্ষীয়ে নিউ আলিপুৰ অঞ্চলত অভিযান চলাই ২২ জন লোকক গ্ৰেপ্তাৰ কৰে । নিউ আলিপুৰ অঞ্চলত এটা ভুৱা কল চেণ্টাৰৰ পৰাই প্ৰতাৰণাৰ জাল পেলাইছিল । এক গোপন সূত্ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কলকাতা আৰক্ষীৰ ডিটেকটিভ বিভাগৰ এণ্টি-ৰাউডি শাখাৰ এটা দলে মঙলবাৰে নিশা নিউ আলিপুৰৰ বংকিম মুখাৰ্জী সৰাণীস্থিত ভুৱা কল চেণ্টাৰটোত অভিযান চলায় ।
আৰক্ষীয়ে জনোৱা মতে, বৈধ নথি-পত্ৰ অবিহনেই কল চেণ্টাৰটো চলাই আছিল লোককেইজনে । প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে যে, ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল যোগাযোগ প্ৰণালীৰ জৰিয়তে অভিযুক্তই বাৰ্তালাপ কৰিছিল । নিজকে এমাজনৰ কৰ্মচাৰী হিচাপে পৰিচয় দিছিল ধৃত লোককেইজনে ।