নিউজ ডেস্ক, 25 জুলাই :আজিৰ পৰা 22 বছৰ পূৰ্বে প্ৰায় 60 দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷ কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত-পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷
আৰ্টিলাৰী গান লোডিঙৰ এক চিত্ৰ 1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল ৷ সেই সময়ৰ পাকিস্তানৰ মুখ্যমন্ত্ৰী নৱাজ শ্বৰীফৰ অজ্ঞাতে পাকিস্তানী সেনা প্ৰধান জেনেৰেল পাৰভেজ মুজাৰফে দুয়ো দেশৰ মাজত থকা দ্বি-পাক্ষিক বুজাবুজি ভংগ কৰি কাশ্মীৰৰ সু-উচ্চ পোষ্টসমূহ, য’ত শীতৰ দিনত দুয়ো দেশৰ সেনাই বুজাবুজিৰে এৰি দিয়ে, সেইসমূহ দখল কৰিছিল ৷ পাকিস্তানী সেনাই এই পোষ্টসমূহ স্বাধীন কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠনে দখল কৰা বুলি কৈ যুদ্ধৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল ৷ অনুপ্ৰৱেশকাৰী পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে এনে স্থানত অৱস্থান কৰিছিল, য’ৰ পৰা যুদ্ধৰ আৰম্ভণি কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰাত তেওঁলোকৰ সুবিধা হৈছিল ৷
পাকিস্তানী সেনাৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰৰ সৈতে ভাৰতীয় সেনা স্থানীয় ভেড়াৰখীয়াৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ভৰতীয় সেনাই তেওঁলোকৰ স্থানসমূহৰ অনুমান কৰে ৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই ‘অপাৰেচন বিজয়’ (Operation Vijay) অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ সফলতাপূৰ্বক 1999 চনৰ 26 জুলাইত অন্ত পৰে ৷
ভাৰতীয় সেনাৰ এক টোপ পজিশ্বন এই যুদ্ধত ভাৰতে 527 গৰাকী বীৰ জোৱানক হেৰুৱায় ৷ ইয়াৰ বিপৰীতে পাকিস্তানী সেনাই 357-453 গৰাকী সেনা হেৰুৱায় ৷ উল্লেখ্য যে, 'কাৰ্গিল বিজয় দিৱস ২০২১'(Kargil Vijay Diwas 2021) উদযাপনৰ অংশ হিচাপে 21 জুলাইত জম্মু আৰু কাশ্মীৰৰ উধমপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ নায়কসকলক সন্মান জনোৱাৰ বাবে জম্মু-কাশ্মীৰৰ সূৰ্য বেণ্ডে উধমপুৰৰ নৰ্ডাৰ্ণ কমাণ্ডত যোগদান কৰি দেশপ্ৰেম আৰু জাতীয়তাবাদৰ উৎসাহেৰে পৰিপূৰ্ণ এক সংগীতৰ সন্ধিয়া উপহাৰ দিয়ে ৷
উক্ত অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীকে ধৰি সেনাৰ বহুকেইজন জ্যেষ্ঠ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত আছিল ৷ ইয়াৰ উপৰিও কাৰ্গিল যুদ্ধ(Kargil War)ৰ ২২ বছৰীয়া বিজয় উপলক্ষে ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডে জম্মু আৰু কাশ্মীৰত দুদিনীয়া কাৰ্যসূচীৰে এক মটৰ চাইকেল ৰেলীৰ আয়োজন কৰে ৷ কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে উধমপুৰৰ পৰা ড্ৰাছ(Drass)স্থিত কাৰ্গিল যুদ্ধ স্মাৰক(Kargil War Memorial)লৈ 25 জনীয়া মটৰ চাইকেল আৰোহীৰ সৈতে এক ৰেলীৰ আয়োজন কৰা হয় ৷ চি নৰ্ডাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৱাই.কে যোশী( Lt. Gen. Y K Joshi, GOC of the C Northern Command)ৰ নেতৃত্বত এই ৰেলী আৰম্ভ হয় ৷
লগতে পঢ়ক-শ্বহীদ হোৱাৰ পূৰ্বে 9 শত্ৰুক গুলীয়াইছিল কেপ্তেইন অনুজ নায়াৰে