নেশ্য়নেল ডেস্ক, ১ জানুৱাৰী :ভীমা-কোৰেগাঁও যুদ্ধৰ ২০৫ তম বাৰ্ষিকী উপলক্ষে মহাৰাষ্ট্ৰৰ পুনেত বিশাল জনসমাগম ঘটিছে (205th anniversary of Bhima Koregaon battle)। ১৮১৮ চনৰ ১ জানুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পেছৱা গোটৰ মাজত সংঘটিত যুদ্ধৰ বাৰ্ষিকীত কোৰেগাঁও-ভীমাগাঁও দৰ্শণ কৰিবলৈ 'জয় স্তম্ভ'ত হাজাৰ হাজাৰ লোকৰ সমাগম হয় (British East India Company and Peshwa faction)।
উল্লেখ্য় যে ২০১৮ চনৰ ১ জানুৱাৰীত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । উক্ত হিংসাত্মক ঘটনাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল । আৰক্ষীয়ে ১৬২ গৰাকী লোকৰ বিৰুদ্ধে ৫৮ টা গোচৰ ৰুজু কৰিছিল । নৱবৰ্ষৰ দিনা ভীমা-কোৰেগাঁও যুদ্ধৰ ২০০ বছৰ উদযাপনৰ বাবে গেৰুৱা পতাকা লৈ কিছুমান লোকে গাঁও অভিমুখে যোৱাৰ সময়তেই গাড়ীসমূহত শিল নিক্ষেপ কৰাৰ পিছত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল ।
উক্ত গাঁওখনৰ দলিত নেতা আৰু কৰ্মীসকলে অভিযোগ কৰিছিল যে, হিন্দুত্ববাদী কৰ্মী মিলিন্দ একবোটে আৰু সম্ভাজী ভিদে হিংসাৰ বাবে উচটনি দিছিল (Hindutva activists Milind Ekbote)। উচ্চতম ন্যায়ালয়ে 2018 চনৰ ভীমা কোৰেগাঁও হিংসাৰ গোচৰত অভিযুক্ত হোৱাৰ বাবে চিকিৎসাৰ ভিত্তিত কৰ্মী আৰু কবি পি ভাৰাভাৰা ৰাওক নিয়মীয়া জামিন প্ৰদান কৰিছিল (Poet P Varavara Rao)।