নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰী: নাগালেণ্ডৰ লগতে মেঘালয়তো আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ আজি অনুষ্ঠিত হোৱা মেঘালয় বিধানসবা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত দেখা গ’ল জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি ৷ ভোট গ্ৰহণ শেষ হোৱালৈকে ৰাজ্যখনত 77.55 শতাংশ ভোটগ্ৰহণ হয় ৷ মেঘালয়ত মুঠ 369 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰে 36 গৰাকী মহিলা প্ৰাৰ্থী ৷ মুঠ ভোটাৰৰ সংখ্যা আছিল 21.75 লাখ ৷ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 59 টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ (Meghalaya assembly election) ৷ উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টিৰ (ইউডিপি) প্ৰাৰ্থী এইচডিআৰ লিংডোৰ মৃত্যু হোৱা বাবে ছোহিওং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ স্থগিত ৰখা হৈছে ।
উল্লেখ্য যে, 59 টা বিধানসভা সমষ্টিৰ বাবে 3419 টা কেন্দ্ৰত হৈছে ভোট গ্ৰহণ ৷ প্ৰায় 2,160,000 ভোটাৰে নিৰ্ণয় কৰিব 369 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷ মুঠ 369 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে 36 গৰাকী মহিলা প্ৰাৰ্থী (Meghalaya election update) ৷
ইফালে, 640 টা ভোট গ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হ’ব পাৰে বুলি বিবেচনা কৰাৰ লগতে 323 টা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাবে বিবেচনা কৰি মোতায়েন কৰা হয় বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ নিৰ্বাচন আয়োগে মেঘালয়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ১১৯ টা কোম্পানী মোতায়েন কৰিছে (Meghalaya assembly poll)। মুঠ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 36 টা খাচীয়া আৰু জয়ন্তীয়া পাহাৰ আৰু 24 টা সমষ্টি গাৰো পাহাৰৰ অন্তৰ্গত ৷