নিউজ ডেস্ক, 4 জুন: ওড়িশাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ দেশ ৷ কিয় এই শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ কিন্তু 2022 চনৰ কেগৰ প্ৰতিবেদনত (Comptroller and Auditor General Report) উল্লেখ আছে ভাৰতীয় ৰে’ল ব্যৱস্থাৰ দুৰৱস্থাৰ এখন ভয়ংকৰ ছবি ৷
কেগৰ ‘ভাৰতীয় ৰে'লৱেত লাইনচ্যুত’ সম্পৰ্কীয় প্ৰতিবেদনত ৰে’ল সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও ক্ৰুটি উল্লেখ কৰা হৈছিল ৷ এই ক্ৰুটিসমূহৰ ভিতৰত উল্লেখ আছে ৰে’লৱেৰ পুঁজি সঠিকভাৱে ব্যৱহাৰ নকৰা, ৰে’লৱে ট্ৰেক নৱীকৰণৰ পুঁজি হ্ৰাস কৰা, পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ অভাৱ ইত্যাদি (2022 CAG report on Derailments) ৷
কেগৰ প্ৰতিবেদনত দুৰ্ঘটনাৰ পাচত প্ৰতিবেদন সঠিকভাৱে দাখিল নকৰাৰ প্ৰসংগও উল্লেখ কৰা হৈছে ৷ পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ অভাৱ যে, এক অতি উদ্বেগজনক বিষয় সেই কথাও উল্লেখ কৰা হৈছিল প্ৰতিবেদনত ৷ উল্লেখ্য যে, ওড়িশাত শুকুৰবাৰে সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত 275 জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 1100ৰো অধিক লোক আহত হৈছিল (Cause of derailment in India) ৷
2022 চনত প্ৰকাশ পোৱা প্ৰতিবেদনত কেগে দুটা অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল ৷ সেই পৰামৰ্শ দুটা হ’ল- ৰে’লৱে দুৰ্ঘটনাৰ অনুসন্ধান সঠিক আৰু নিৰ্ধাৰিত সময়ত সম্পন্ন কৰা আৰু উন্নত প্ৰযুক্তিৰ যান্ত্ৰিক পদ্ধতি গ্ৰহণ কৰি ট্ৰেকসমূহ উন্নত কৰা (CAG report on Indian train accident)৷
ভাৰতীয় ৰে’লৱেৰ ত্ৰুটিৰ (Railway Safety lapses) ক্ষেত্ৰত কেগৰ মুখ্য পৰ্যৱেক্ষণসমূহ তলত উল্লেখ কৰা হ’ল-
1. ৰেলপথৰ জ্যামিতিক আৰু গাঁথনিগত পৰিস্থিতি মূল্যাঙ্কন কৰিবলৈ প্ৰয়োজনীয় ট্ৰেক ৰেকৰ্ডিং প্ৰক্ৰিয়া 30 ৰ পৰা 100 শতাংশলৈকে হ্ৰাস পোৱা
2. ট্ৰেক মেনেজমেণ্ট চিষ্টেম (টিএমএছ) হৈছে ট্ৰেক ৰক্ষণাবেক্ষণ কাৰ্যকলাপৰ অনলাইন নিৰীক্ষণৰ এক প্ৰক্ৰিয়া ৷ কিন্তু ট্ৰেক মেনেজমেণ্ট চিষ্টেম কাৰ্যকৰী কৰা হোৱা নাছিল
3. এপ্ৰিল 2017 ৰ পৰা মাৰ্চ 2021 লৈ দেশত সংঘটিত হোৱা মুঠ 422 টা লাইনচ্যুত হোৱা ঘটনাৰ বাবে অভিযান্ত্ৰিক বিভাগক দায়ী কৰা হৈছিল । লাইনচ্যুত হোৱাৰ বাবে দায়বদ্ধ মুখ্য কাৰকটো আছিল ‘নিৰ্ধাৰিত সীমাৰ ভিতৰত ট্ৰেকৰ নিৰীক্ষণ’ নকৰা