অসম

assam

ETV Bharat / bharat

Hathras gang rape : আজিও ন্যায়ৰ অপেক্ষাত হাথৰছ কাণ্ডৰ ভুক্তভোগীৰ পৰিয়াল

বহু চৰ্চিত হাথৰছ কাণ্ডৰ ২ বছৰ সম্পূৰ্ণ হ'ল (Hathras gang rape)। আদালতৰ মজিয়াত চলি আছে উক্ত গোচৰৰ শুনানি । কিন্তু আজিলৈ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পোৱা নাই । আদালতৰ ৰায়দানৰ বাবে অপেক্ষা কৰি আছে পৰিয়ালটো ।

By

Published : Sep 29, 2022, 7:47 PM IST

d
আজিও ন্যায়ৰ অপেক্ষাত ভুক্তভোগীৰ পৰিয়াল

নেশ্যনেল ডেস্ক,২৯ ছেপ্টেম্বৰ :হাথৰছ কাণ্ডৰ ২ বছৰ সম্পূৰ্ণ (2 years complete of Hathras gang rape)। আজিও ন্যায়ৰ অপেক্ষাত আছে ভুক্তভোগী পৰিয়ালটো । পৰিয়ালটোৱে আনকি কিশোৰীগৰাকীৰ চিতাভস্ম এতিয়াও বিসৰ্জন দিয়া নাই । ভুক্তভোগী পৰিয়ালটোৰ মতে তেওঁলোকৰ সন্তানে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে চিতাভস্ম বিসৰ্জন নিদিয়ে । ঘটনাৰ দুবছৰৰ পাছতো পৰিয়ালটোৱে ন্যায়ৰ বাবে আদালতৰ ৰায়দানলৈ বাট চাই আছে ।

হাথৰাছ কাণ্ড কি ?

২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰছৰ চান্দপা কোতৱালী অঞ্চলৰ এখন গাঁৱত এগৰাকী দলিত কিশোৰীক ধৰ্ষণ কৰি আৰু হত্যাৰ চেষ্টা চলোৱা হৈছিল । চিকিৎসাৰ সময়ত, ২৯ ছেপ্টেম্বৰ দিল্লীৰ চফদৰজং চিকিৎসালয়ত কিশোৰীগৰাকীৰ মৃত্যু হৈছিল । CBIয়ে গোচৰটো সন্দৰ্ভত অভিযোগনামা দাখিল কৰিছিল । গোচৰটোৰ চাৰি অভিযুক্ত ক্ৰমে সন্দীপ, ৰবি, ৰামু আৰু লৱকুশ বৰ্তমান আলিগড় কাৰাগাৰত বন্দী হৈ আছে (Hathras gang rape accused)।

ন্যায়ৰ অপেক্ষাত পৰিয়াল

২ বছৰ পাছত সেই ঘটনাৰ কথা সুঁৱৰি কপি উঠিছে পৰিয়ালটো । কিশোৰীগৰাকীৰ মাতৃয়ে কয় যে, সেইদিনা তেওঁ কন্যাৰ সৈতে পথাৰত ঘাঁহ কাটি আছিল, তেওঁ কন্যাক ঘাঁহবোৰ জমা কৰিবলৈ কৈছিল । তাৰ পাছত ৪-৫ জনীয়া যুৱকৰ দলে কন্যাক বাজৰা পথাৰলৈ লৈ গৈছিল আৰু কন্যাৰ সৈতে অপকৰ্ম কৰিছিল লগতে জিভাও কাটি পেলাইছিল । তেওঁৰ কন্যাক অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷

তাৎপৰ্যপূৰ্ণভাৱে, এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যখনক উত্তেজিত কৰি তুলিছিল । য'ত প্ৰশাসনে নিশা কন্যাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল । পৰিয়ালটোৱে কয় যে, অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গোটেই পৰিয়ালটোক মৃত কন্যাৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু আনকি মুখাগ্নিও কৰিবলৈ দিয়া হোৱা নাছিল । সেই বেদনা আজিও আছে পৰিয়ালটোৰ মনত ।

কিশোৰীগৰাকী জ্যেষ্ঠ ভাতৃয়ে কয় যে, ভনীয়েকৰ হত্যাৰ দুবছৰৰ পাছতো তেওঁলোকে চিতাভস্ম ৰাখি থৈছে । হত্যাকাৰীসকলক ফাঁচী দিয়ালৈকে চিতাভস্ম তেনেদৰেই ৰাখিব বুলি কয় ভাতৃয়ে । সম্প্ৰতি তেওঁলোক গৃহবন্দীৰ দৰে আছে বুলি উল্লেখ কৰে ভাতৃয়ে । ঘৰৰ এগৰাকী ৭ বছৰীয়া কিশোৰীক আত্মীয়ৰ ঘৰলৈ পঠিয়াই দিয়া হৈছে ।

তেওঁ তাত পঢ়ি আছে । ২ গৰাকী কণমানি কিশোৰী ঘৰতে আছে । তেওঁলোকে ক'লৈও যাব নোৱাৰে । বজাৰ কৰিব যাব লগা হ'লেও নিৰাপত্তা বাহিনীৰ আশ্ৰয় লয় । তেওঁলোক সুৰক্ষিত যদিও ক'লৈও যাব নোৱাৰে ।

কিশোৰীগৰাকীৰ ভাতৃয়ে কোৱা মতে ভনীয়েকৰ মৃত্যুৰ পাছত বহুতো প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু আজিলৈ পূৰণ কৰা হোৱা নাই । ফাষ্ট ট্ৰেক আদালতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । চৰকাৰী ঘৰ আৰু নিযুক্তিৰ সুবিধা পোৱা নাই । অৱশ্যে সেই সময়ত ক্ষতিপূৰণ দিয়া হৈছিল বুলি ভাতৃয়ে উল্লেখ কৰে । আদালতত বহুতো শুনানি হৈ গ'ল । সাক্ষীও যথেষ্ট হৈছে । কিন্তু পৰিয়ালটোৱে এতিয়াও ন্যায়ৰ আশাত আদালতৰ ৰায়দানলৈ বাট চাই ৰৈছে ।

নিৰ্ভয়াক (Nirvaya case) ন্যায় প্ৰদান কৰা অধিবক্তা সীমা কুশৱাহাই হাথৰাছৰ জীয়ৰীক ন্যায় প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে এই ক্ষেত্ৰত আদালতৰ সিদ্ধান্ত কিমান দিনৰ পাছত আহে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :দ্বাদশবাৰলৈ বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

ABOUT THE AUTHOR

...view details