নিউজ ডেস্ক, ৬ জুন :দিল্লীৰ এখন আদালতে ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ এটা গোচৰত ১৩ জন অভিযুক্তৰ বিৰুদ্ধে সংঘৰ্ষ, অপৰাধমূলক ষড়যন্ত্ৰ আৰু হত্যাৰ চেষ্টাৰ অভিযোগ দাখিলৰ নিৰ্দেশ দিছে (2020 northeast Delhi riots) । অতিৰিক্ত সত্ৰ ন্যায়াধীশ পুলাস্ত্য প্ৰমাচলাই ১৩ জন লোকৰ বিৰুদ্ধে মঙলবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰে । এই লোকসকলে ২৫ ফেব্ৰুৱাৰী, ২০২০ চনত দিল্লীৰ গৌতম বিহাৰ অঞ্চলত সংঘটিত দলবদ্ধ আক্ৰমণৰ ঘটনাত অভিযোগকাৰীসকলক তৰোৱাল আৰু অন্যান্য অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ আছিল (2020 Delhi riots case) ।
ন্যায়াধীশগৰাকীয়ে কয় যে অপৰাধমূলক ষড়যন্ত্ৰ, সংঘৰ্ষ, বে-আইনী সমাবেশ, হত্যাৰ চেষ্টা আৰু ৰাজহুৱা কৰ্মচাৰী আদেশ অমান্য কৰাৰ অপৰাধৰ বাবে এই অভিযুক্ত ব্যক্তিকেইজনৰ বিৰুদ্ধে পূৰ্বতেই গোচৰ আছিল (2020 Delhi riots hearing) । "মূৰটো হৈছে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু প্ৰতিজন বিচক্ষণ ব্যক্তিৰ সাধাৰণ জ্ঞানে এইটো ক'ব যে ইয়াত কৰা যিকোনো আঘাতৰ ফলত মৃত্যু হ'ব পাৰে... এনে জ্ঞানেৰে এইটো ক'ব পাৰি যে যদি এজন ব্যক্তিক তৰোৱালৰ দৰে অস্ত্ৰ বা চোকা আন সামগ্ৰীৰে একাধিকবাৰ মূৰত আক্ৰমণ কৰা হয়, তেন্তে আইপিচি ধাৰা ৩০৭ (হত্যাৰ চেষ্টা)ৰ অধীনত এটা অপৰাধৰ গোচৰ ৰুজু কৰাত কোনো সন্দেহ থাকিব নোৱাৰে ।" ন্যায়াধীশগৰাকীয়ে ৩ জুনত প্ৰদান কৰা এক আদেশত এনেদৰে কৈছিল (2020 Delhi riots) ।