নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : সোমবাৰে 2013 চনৰ গান্ধী ময়দান বিষ্ফোৰণৰ ঘটনাৰ অভিযুক্তৰ শাস্তি নিৰ্ধাৰণ কৰিব নিয়া (NIA)ৰ বিশেষ আদালতে ৷ 2013 চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীৰ পাটনাৰ হাংকাৰ ৰেলী ভেন্যুত সংঘটিত ধাৰাবাহিক বিষ্ফোৰণৰে জড়িত থকাৰ সন্দেহত দহগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰে 9 গৰাকীয়ে উক্ত ঘটনাৰ বাবে দোষী সাব্যস্ত হয় যদিও এগৰাকী অভিযুক্ত ফকৰুদ্দিনৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ নথকাৰ বাবে নিৰ্দোষী সাব্যস্ত কৰা হয় ৷
2013 চনৰ 27 অক্টোবৰত সংঘটিত এই বিষ্ফোৰণৰ ঘটনাত 6 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 84 গৰাকী লোক আহত হৈছিল ৷ সেই একেটা দিনটো পাটনা জংশন ৰে’ল ষ্টেচনতো সংঘটিত হৈছিল বিষ্ফোৰণ ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব 2013 চনৰ 6 নৱেম্বৰত নিয়াই নিজৰ হাতলৈ নিয়ে ৷