নেশ্যনেল ডেস্ক,২২ জুন:২০০৫ চনতসন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC) । এই ঘটনাৰ তদন্ত কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই(NIA)। দীৰ্ঘদিনীয়াকৈ চলি আছিল এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া । মঙলবাৰে এই বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বেঙ্গালুৰুৰ এন আই এৰ বিশেষ আদালতে এগৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰে । অভিযুক্তজনৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাটোৱে পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ দিব নোৱাৰাৰ বাবেই অৱশেষত মুকলি কৰাৰ নিৰ্দেশ দিয়ে এন আই এৰ বিশেষ আদালতে ।
২০০৫ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (IISC)ত উগ্ৰপন্থীৰ গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ত্ৰিপুৰাৰ বাসিন্দা মহম্মদ হাবিবক বেংগালুৰুৰ এন আই এৰ(NIA) বিশেষ আদালতে মুক্তি দিয়ে । এনআইএৰ বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ ড০ কাছানাপ্পা নায়কে মহম্মদ হাবিবৰ বিৰুদ্ধে কোনো প্ৰাসংগিক প্ৰমাণ নাই বুলি কৈ মুক্তিৰ নিৰ্দেশ দিয়ে । ২০০৫ চনৰ IISC সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ সপ্তম অভিযুক্ত হাবিবক আৰক্ষীয়ে গোচৰটোৰ প্ৰথম অভিযুক্ত শ্বাহবুদ্দিন আহমেদৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল ।