অসম

assam

ETV Bharat / bharat

2002 Gujarat riots: আজি বিশেষ আদালতত নৰোদা গাম গোচৰৰ ৰায়দান - Godhra train burning case

২০০২ চনৰ কুখ্যাত গোধৰা কাণ্ডৰ এক গোচৰৰ বৃহস্পতিবাৰে ৰায়দান কৰিব আহমেদাবাদৰ এখন বিশেষ আদালতে । নৰোদা গাম গোচৰ নামে খ্যাত গোধৰা ৰায়তৰ সময়ত ১১ জন সংখ্যালঘু লোকক হত্যাৰ সৈতে জড়িত হৈ আছে প্ৰাক্তন বিজেপি বিধায়ক মায়া কোদনানি আৰু কেইবাজনো সোঁপন্থী বিধায়ক (Special Court verdict in Naroda Gam case) ।

2002 Gujarat riots
2002 Gujarat riots

By

Published : Apr 20, 2023, 9:23 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল :আহমেদাবাদৰ এখন বিশেষ আদালতে বৃহস্পতিবাৰে নৰোদা গাম গোচৰত ৰায় ঘোষণা কৰিব (Special Court verdict in Naroda Gam case) । উল্লেখ্য, এই গোচৰত জড়িত হৈ আছে ২০০২ চনৰ গোধৰা ৰায়তৰ (2002 Gujarat riots) সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ ১১ জন লোকক হত্যা কৰাৰ সৈতে জড়িত প্ৰাক্তন বিজেপি বিধায়ক মায়া কোদনানি আৰু আন কেইবাজনো সোঁপন্থী নেতা ।

২০০২ চনৰ ২৮ ফেব্ৰুৱাৰীত আহমেদাবাদ চহৰৰ নৰোদা গাম অঞ্চলত সাম্প্ৰদায়িক হিংসাত এঘাৰজন লোক নিহত হৈছিল (2002 post Godhra riots) । এই ঘটনাটো সংঘটিত হৈছিল গোধৰা ৰে'ল জ্বলোৱাৰ প্ৰতিবাদত আহ্বান কৰা 'বন্ধ'ৰ এদিন পূৰ্বে (communal violence in Naroda Gam of Ahmedabad) । উল্লেখ্য যে গোধৰা ৰে'ল জ্বলোৱাৰ সময়ত অযোধ্যাৰ পৰা উভতি অহা ৫৮ জন যাত্ৰী নিহত হৈছিল । কোদনানীৰ লগতে আন বিশিষ্ট অভিযুক্তসকল হৈছে বজৰং দলৰ প্ৰাক্তন নেতা বাবু বজৰংগী আৰু বিশ্ব হিন্দু পৰিষদৰ নেতা জয়দীপ পেটেল (Godhra train burning case) ।

১৬ এপ্ৰিলত, মুখ্য সত্ৰ ন্যায়াধীশ এছ কে বক্সিৰ আদালতে গোচৰটোৰ ৰায়ৰ তাৰিখ ২০ এপ্ৰিল নিৰ্ধাৰণ কৰে আৰু অভিযুক্তসকলক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে । লক্ষ্যনীয়ভাৱে গোচৰটোৰ সকলো অভিযুক্ত বৰ্তমান জামিনত আছে । গোচৰটোৰ মুঠ 86 জন অভিযুক্তৰ ভিতৰত গোচৰটো চলি থকাৰ মাজতে 18 জনৰ মৃত্যু হয় ।

বিচাৰৰ সময়ত প্ৰায় ১৮২ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল । সংঘৰ্ষ আৰু হত্যাৰ উপৰি ৬৭ বছৰীয়া কোদনানীৰ বিৰুদ্ধে নৰোদা গাম গোচৰত অপৰাধমূলক ষড়যন্ত্ৰ আৰু হত্যাৰ চেষ্টাৰ অভিযোগো আৰোপ কৰা হৈছে । উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও (Union Home Minister Amit Shah) ২০১৭ চনৰ ছেপ্টেম্বৰত কোদনানিৰ হৈ সাক্ষী হিচাবে উপস্থিত হৈছিল ।

লগতে পঢ়ক :Modi Surname Remark: ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত আজি চূৰাট আদালতৰ ৰায়দান

ABOUT THE AUTHOR

...view details