নেশ্যনেল ডেস্ক,27 ডিচেম্বৰ : তামিলনাডুৰ মাদুৰাইৰ সমীপৰ উশিলামপট্টীত অৱস্থিত শীলাকাৰিয়ামন মন্দিৰত উদ্ধাৰ হৈছে 2000 বছৰ পুৰণি শিলালিপি ৷ উদ্ধাৰ হোৱা শিলালিপিসমূহ পুৰাতত্ববিদসকলৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে ৷
পুৰাতত্ববিদে জনোৱা মতে, স্পষ্ট অধ্যয়ন কৰাৰ পাচতে শিলালিপিত ছপা পত্ৰ সম্পৰ্কে গম পোৱা যাব ৷ বৰ্তমানলৈকে ৰাজ্যখনত 40 খন শিলালিপি পোৱা গৈছে ৷ ইয়াৰ ভিতৰত 20 খন শিলালিপি মাদুৰাইৰ পৰা উদ্ধাৰ কৰা হয় ৷