অসম

assam

ETV Bharat / bharat

2000 currency notes : নোটৰ প্ৰচলন বন্ধ কৰাৰ ক্ষমতা নাই ৰিজাৰ্ভ বেংকৰ, আদালতৰ গুৰুত্বপূৰ্ণ ঘোষণা - 2000 notes exchange

২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধক লৈ বিতৰ্ক অব্যাহত আছে (2000 currency notes banned controversy)। এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে । আদালতৰ মতে নোটৰ প্ৰচলন বন্ধ কৰাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হে আছে ।

2000 currency notes
নোটৰ প্ৰচলন বন্ধ কৰাৰ ক্ষমতা নাই ৰিজাৰ্ভ বেংকৰ

By

Published : May 30, 2023, 5:29 PM IST

Updated : May 30, 2023, 5:38 PM IST

নেশ্যনেল ডেস্ক,৩০ মে':ভাৰতীয় ৰিজাৰ্ভ বেংকে নোটৰ প্ৰচলন প্ৰত্যাহাৰ বা নোট বন্ধ কৰিব নোৱাৰে । কেৱল কেন্দ্ৰীয় চৰকাৰৰ হে এনে ক্ষমতা আছে । দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এক শুনানিৰ সময়ত এই কথা উল্লেখ কৰে (Delhi HC on 2000 currency notes PIL)।

উল্লেখ্য যে ৰজনীশ ভাস্কৰ গুপ্তাই ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ সন্দৰ্ভত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল (PIL on 2000 currency notes banned)। আৰবিআইৰ ২,০০০ টকীয়া মুদ্ৰা নোট প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ আবেদনখন দাখিল কৰিছিল । সেই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদৰ বিচাৰপীঠে আবেদনকাৰী আৰু আৰবিআইৰ পৰামৰ্শ শুনি পিআইএলৰ ওপৰত আদেশ সংৰক্ষিত ৰাখে ।

আবেদনকাৰীয়ে আবেদনত কৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকে যিকোনো নোট জাৰী নকৰা বা বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ কোনো স্বতন্ত্ৰ ক্ষমতা নাই আৰু এই ক্ষমতা কেৱল আৰ.বি.আই. আইন, ১৯৩৪ৰ ধাৰা ২৪ (২)ৰ অধীনত কেন্দ্ৰৰ হাতত ন্যস্ত কৰা হৈছে ।

গুপ্তাৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা সন্দীপ পি আগৰৱালে জানিব বিচাৰিছিল যে আৰবিআইয়ে কেনেকৈ এই সিদ্ধান্ত লৈছে । আৰ.বি.আই.-ৰ ক্ষমতা কেৱল আৰ.বি.আই. আইনৰ ধাৰা ২২ আৰু ২৭-ৰ অধীনত বেংক নোট জাৰী আৰু পুনৰ জাৰী কৰাত সীমাবদ্ধ । আৰবিআইয়ে এই আবেদনৰ বিৰোধিতা কৰি কৈছিল যে ই কেৱল ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিছে যি মুদ্ৰা ব্যৱস্থাপনা অনুশীলন আৰু অৰ্থনৈতিক নীতিৰ বিষয় ।

আৰবিআইক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা পৰাগ পি ত্ৰিপাঠীয়ে কয় যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে একেটা বিজ্ঞপ্তি/অধিসূচনাৰ ওপৰত আন এখন পিআইএল খাৰিজ কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, এখন আদালতত একেটা বিষয়ত ধাৰাবাহিক পিআইএল থাকিব নোৱাৰে । সোমবাৰে, উচ্চ ন্যায়ালয়ে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ৰ এক আবেদন খাৰিজ কৰিছিল ।

উল্লেখ্য যে ১৯ মে'ত আৰ.বি.আই য়ে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল আৰু কৈছিল যে প্ৰচলিত নোটবোৰ হয় বেংক একাউণ্টত জমা কৰিব পাৰিব নহ'লে ৩০ ছেপ্টেম্বৰৰ ভিতৰত সলনি কৰিব লাগিব (2000 notes exchange)।

লগতে পঢ়ক :2000 notes exchange : ২০০০ টকীয়া নোট সলনিক লৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

Last Updated : May 30, 2023, 5:38 PM IST

ABOUT THE AUTHOR

...view details