অসম

assam

২২ জুলাইত সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদত বহিব ২০০ গৰাকী কৃষক

By

Published : Jul 10, 2021, 11:06 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষাকালীন অধিৱেশনক লক্ষ্য কৰি পুনৰ আৰম্ভ হ'ব কৃষকৰ প্ৰতিবাদ । কৃষি আইন বাতিলৰ দাবীত সংসদৰ সন্মুখত ২০০ গৰাকী কৃষকে বহিব প্ৰতিবাদত ।

protest outside Parliament
২২ জুলাইত সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদত বহিব ২০০ গৰাকী কৃষক

নেশ্যনেল ডেস্ক,১০ জুলাই:কেন্দ্ৰীয় চৰকাৰৰ তিনিখন নতুন কৃষি আইনকলৈ বিগত বছৰৰ পৰাই দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । বিশেষকৈ দিল্লীৰ সীমান্ত অঞ্চলত বিভিন্ন কৃষক সংগঠনে (Farmer union) ব্যাপকভাৱে আন্দোলন কৰি আহিছে । এই তিনিখন আইনক কৃষক বিৰোধী আইন আখ্যা দি কৃষকসকলে কৰা প্ৰতিবাদক দমন কৰিবলৈ চৰকাৰে বিভিন্ন উপায় অৱলম্বন কৰিছে যদিও সফল হোৱা নাই ।

আনকি কৃষক সংগঠনৰ সৈতে চৰকাৰে বহু বাৰ আলোচনাও কৰিছে কিন্তু এই আলোচনাৰ পাছতো সন্তুষ্ট হোৱা নাই কৃষকসকল । যাৰ বাবে এতিয়াও কৃষকসকলে অব্যাহত ৰাখিছে আন্দোলন । কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে (Narendra Singh Tomar) আন এক টুইট কৰি কয় যে, এই আইনখন কোনো কাৰণতে বাতিল কৰা নহয় তাৰ পৰিৱৰ্তে কৃষক সংগঠনৰ সৈতে বিকল্প আলোচনাৰ বাবে সাজু আছে চৰকাৰ ।

কৃষিমন্ত্ৰীগৰাকীৰ এই টুইটৰ পিছতে পুনৰ সৰৱ হৈ পৰিছে কৃষক সংগঠনসকল । ভাৰতীয় কৃষক সংঘৰ (BKU) নেতা ৰাকেশ টিকাইটৰ ঘোষণা পুনৰ আৰম্ভ হ'ব চৰকাৰৰ বিৰুদ্ধে আন্দোলন । অহা ২২ জুলাইৰ পৰা ধাৰাবাহিকভাৱে সংসদৰ বাহিৰত প্ৰতিবাদত বহিব কৃষকসকল । টুইটযোগে এই ঘোষণা কৰি কৃষক নেতা গৰাকীয়ে কয় যে প্ৰায় ২০০ গৰাকী কৃষকে সংসদ ভৱনলৈ এক প্ৰতিবাদী শোভাযাত্ৰাত অংশ ল'ব ।

বৰ্ষাকালীন অধিৱেশনত চৰকাৰক কৃষি আইন বাতিলৰ বাবে অধিক হেঁচা প্ৰয়োগ কৰাৰ উদ্দেশ্যে সংসদৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষকসকলে । কৃষি মন্ত্ৰীৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাকেশ টিকাইটে (Rakesh Tikait) কয় যে, তেওঁলোকে চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু আছে কিন্তু এই আলোচনা চৰ্ত অবিহনে অনুষ্ঠিত হ'ব লাগিব ।

গণতন্ত্ৰ দিৱসৰ লালকিল্লাৰ ঘটনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাকেশ টিকাইটে । নেতাগৰাকীৰ মতে ২৬ জানুৱাৰীৰ সেই হিংসাত্মক ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন । আনকি নিৰপেক্ষ তদন্তৰ বাবে কৃষক সংঘই ৰাষ্ট্ৰসংঘৰ কাষ চাপিব বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে । তেওঁ উদ্বেগজনকভাৱে কয় যে, তেওঁলোকে ৰাষ্ট্ৰসংঘৰ ওচৰলৈ যোৱাৰ কথা কেতিয়াও ভবা নাছিল ।

উল্লেখ্য যে চলিত বছৰৰ গণতন্ত্ৰ দিৱসৰ দিনটোত প্ৰতিবাদকাৰী কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰিবলৈ বেৰিকেড ভাঙিছিল আৰু লালকিল্লাত প্ৰৱেশ কৰি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । ইয়াৰ পিছতে বহু কৃষক নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । অৱশ্যে কৃষক সংগঠনসকলে দাবী কৰা মতে এই কাৰ্যত কৃষকসকল জড়িত নাছিল । তৃতীয় পক্ষই হে হিংসাত্মক ঘটনাত সংঘটিত কৰিছিল ।

লগতে পঢ়ক :ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক

ABOUT THE AUTHOR

...view details