অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত গণ আক্ৰমণত প্ৰাণ গ'ল 20 বছৰীয়া যুৱকৰ

নিশা ঘৰলৈ গৈ থকা অৱস্থাতে জম্মু-কাশ্মীৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল 20 বছৰীয়া যুৱকৰ ৷ ৰাজৌৰী জিলাত ২০ বছৰীয়া যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

20-yr-old lynched to death in J-K Rajouri
জম্মু-কাশ্মীৰত গণ আক্ৰমণত প্ৰাণ গ'ল 20 বছৰীয়া যুৱকৰ

By

Published : Jun 23, 2021, 10:08 AM IST

নেশ্যনেল ডেস্ক, 23 জুন:জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত এজন ২০ বছৰীয়া যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নিশা ঘৰলৈ গৈ থকা অৱস্থাতে অচিনাক্ত আক্ৰমণকাৰীয়ে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যুৰ পাচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা এই ঘটনাটো সংঘটিত হৈছিল ৷

ৰাজৌৰীৰ মুৰাদপুৰ অঞ্চলৰ ওচৰত থানামাণ্ডিৰ ৰাজধানী গাঁৱৰ বাসিন্দা আজাজ দাৰে নামৰ যুৱকজনক দুৰ্বত্তৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷ মূমুৰ্ষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ আহিছিল ৷ কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনে মঙলবাৰে মৃত্যুক আকোৱালি লয় ৷

ইফালে, ভুক্তভোগী যুৱকজনৰ পৰিয়ালে জনোৱা মতে, আজাজ দাৰে নিশা নিজ বাহনত ম'হ এটা লৈ গৈ আছিল ৷ ইয়াৰ পিছতে গো-ৰক্ষক ৰূপী দুৰ্বৃত্তৰ দলটোৱে দাৰক আক্ৰমণ কৰিছিল ৷ সম্প্ৰতি দাৰৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷

পৰিয়ালৰ গোচৰৰ পাচতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্যে যে, সমগ্ৰ দেশতে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এটাৰ পাচত আনটোকৈ সংঘটিত হৈছে এনে গণ আক্ৰমণৰ ঘটনা ৷

লগতে পঢ়ক:২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

ABOUT THE AUTHOR

...view details