অসম

assam

ETV Bharat / bharat

Daily Love Rashifal: প্ৰেমিকেৰে ফুৰিবলৈ যোৱাৰ সুযোগ লাভ... আৰু কি বিশেষ আছে আজিৰ প্ৰেমৰ ৰাশিফলত ? - আৰু কি বিশেষ আছে আজিৰ ৰাশিফলত

Etv Bharat এ প্ৰতিদিনে আপোনালোকৰ বাবে লৈ আহে আপোনাৰ বিশেষ প্ৰেমৰ ৰাশিফল, যাতে আপুনি আপোনাৰ প্ৰেমৰ জীৱনটোৰ বাবে পৰিকল্পনা কৰিব পাৰে আৰু উল্লেখ কৰা সাৱধানতা জানি সতৰ্ক হ'ব পাৰে (Daily Love Horoscope in Assamese)। সেইবাবেই আজিৰ মেষ ৰাশিৰ পৰা মীন ৰাশিৰ প্ৰতিটো ৰাশিৰ বাবে প্ৰেমৰ ৰাশিফল, আপোনাৰ প্ৰেম-জীৱনৰ লগত জড়িত সকলো কথা জানি লওক, যাতে আপুনি আপোনাৰ দিনটো ভাল কৰি তুলিব পাৰে (Love Rashifal for 20th January)। আপোনাৰ প্ৰেম-জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ পঢ়ক আমাৰ আজিৰ ৰাশিফলত ...

20 th january 2023 Daily Love Rashifal
আপোনাৰ প্ৰেম জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ পঢ়ক

By

Published : Jan 20, 2023, 10:12 AM IST

মেষ ৰাশি: আজি আপোনাৰ প্ৰেম-জীৱন ইতিবাচক হ'ব । প্ৰেমাস্পদৰ সৈতে বাহিৰলৈ যোৱাৰ সুযোগ পাব । ঘৰতে আয়োজন কৰা হ'ব শুভ অনুষ্ঠান । পত্নীৰ স্বাস্থ্যক লৈ চিন্তা হ’ব । পৰিয়ালৰ সদস্যৰ সৈতে ওলাই যোৱাৰ কাৰ্যসূচী থাকিব । আপুনি সুবিধা লাভ কৰিব। স্বাস্থ্যৰ বাবে ভাল ।

বৃষ ৰাশি: আজি আপোনাৰ প্ৰেমে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব । ঘৰুৱা জীৱনত শান্তি বৰ্তি থাকিব । অৱশ্যে অংশীদাৰিত্বৰ কামত সাৱধান হোৱা উচিত । এলাহ আৰু চিন্তা থাকিব । স্বাস্থ্যৰ প্ৰতি যত্ন লওঁক । বিৰোধীৰ সৈতে বিতৰ্ক নকৰিব । জুই আৰু পানীৰ পৰা আঁতৰি থাকক ।

মিথুন ৰাশি:আজি প্ৰেমৰ ক্ষেত্ৰত নেতিবাচক চিন্তাবোৰ মনৰ পৰা আঁতৰাই ৰাখক । খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰত যত্ন লওঁক। আজি গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হওঁক। আকস্মিকভাৱে ধন খৰচ হ’ব । চিন্তাক্লিষ্ট হৈ থাকিলেও কোনো কাৰণত বাহিৰলৈ ওলাই যাবলগীয়া হয় ৷

কৰ্কট ৰাশি: সুস্বাদু আৰু ভাল খাদ্য লাভ কৰাৰ বাবে আজি আপোনাৰ মনটো সুখী হ’ব । নতুন কাপোৰ কিনিবৰ বাবে পৰিকল্পনা কৰিব পাৰে । আজি আপোনাৰ প্ৰেমৰ বাবে এটা ভাল দিন পাৰ হ'ব । আবেলি কোনো বিষয়তে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব । অংশীদাৰিত্বৰ কামত পাৰ্থক্য বৃদ্ধি পাব । খং নিয়ন্ত্ৰণত ৰাখক । আজিয়েই নতুন সম্পৰ্ক আৰম্ভ নকৰিব ।

সিংহ ৰাশি: আজি আপুনি আপোনাৰ প্ৰেমৰ জীৱনটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব । আজি বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু প্ৰেম-সঙ্গীৰ সৈতে কোনো বিষয়ক লৈ বিবাদ হ’ব পাৰে । আকস্মিকভাৱে ধন খৰচ হ’ব । অংশীদাৰিত্বৰ কামত আভ্যন্তৰীণ পাৰ্থক্যই দেখা দিব, তথাপিও পৰিস্থিতি অনুকূল থাকিব ।

কন্যা ৰাশি: আজি আপোনাৰ দিনটো সুখ আৰু শান্তিৰে পাৰ হৈ যাব । নতুন কাপোৰ, গহনা বা আনুষংগিক বস্তু ক্ৰয় কৰি মন সুখী হ’ব । আজি শিল্প-সংগীতৰ প্ৰতি আপোনাৰ আগ্ৰহ প্ৰকাশ পাব । ঘৰখনত শান্তি আৰু আনন্দ থাকিব । স্বাস্থ্যৰ বাবে ভাল সময় । বন্ধু আৰু প্ৰেমাস্পদৰ সমৰ্থন লাভ কৰিব । প্ৰেমাস্পদৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ সুযোগ লাভ কৰিব ৷

তুলা ৰাশি: বন্ধু-বান্ধৱী আৰু প্ৰেমাস্পদৰ সৈতে ভাল সময় কটাব পাৰিব । যদি আপুনি অবিবাহিত তেন্তে অপোনাৰ বাবে আজি নতুন সম্পৰ্ক আহিব আৰু সম্পৰ্ক নিশ্চিত হোৱাৰ সম্ভাৱনা আছে । আজি আপোনাৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ'ব । পৰিয়ালত যাতে কোনো বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব । দুপৰীয়াৰ পিছত আপুনি সুস্থ অনুভৱ কৰিব । শক্তি আপোনাৰ মাজত থাকিব, ইয়াৰ দ্বাৰা আপুনি আপোনাৰ লক্ষ্য পূৰণ কৰিব পাৰিব ।

বৃশ্চিক ৰাশি:আজি আপোনাৰ প্ৰেমৰ বাবে অনুকূল দিন । ঘৰুৱা জীৱনত দেখা দিয়া বিভ্ৰান্তিকৰ প্ৰশ্নবোৰৰ সমাধান হ’ব । ভাই-ভনীৰ সৈতে প্ৰেমৰ ভাব বৰ্তি থাকিব । দুপৰীয়াৰ পিছত আপুনি চিন্তাক্লিষ্ট হ’ব পাৰে । শাৰীৰিক আৰু মানসিক উদ্বিগ্নতা আপুনি অনুভৱ কৰিব । সামাজিক ক্ষেত্ৰত বিফলতা আহিব । পৰিয়ালৰ সদস্যৰ সৈতে মতানৈক্য সৃষ্টি হ’ব পাৰে ।

ধনু ৰাশি: প্ৰেমৰ জীৱনত সন্তুষ্টিৰ ভাব থাকিব । আজি স্বাস্থ্য ভালে থাকিব আপোনাৰ । আজি আপোনাৰ প্ৰেমৰ বাবে শুভ দিন । দুপৰীয়াৰ পিছত পৰিস্থিতি অনুকূল হ’ব । মনৰ দ্বিধা-দ্বন্দ্বৰ সমাধান হ’ব । শৰীৰ আৰু মন দুয়োটা সুস্থ হৈ থাকিব । গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব ৷

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহী হ'ব । আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ’ব । আজি আপোনাৰ প্ৰেমৰ জীৱনত সুখ বৃদ্ধি হ’ব । দুপৰীয়াৰ পাছত মনলৈ নেতিবাচক চিন্তা আহিব পাৰে । ইয়াৰ ফলত প্ৰেম-জীৱনত হতাশাও বৃদ্ধি পাব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত সময় ভাল । অৱশ্যে বাহিৰত খোৱা-বোৱা পৰিহাৰ কৰক ।

কুম্ভ ৰাশি: জীৱনসংগীৰ সৈতে প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি হ’ব । ধৰ্মীয় আৰু সামাজিক কামত ধন ব্যয় কৰা হ’ব । যদিও বন্ধু-বান্ধৱী আৰু প্ৰেয়সীৰ সৈত বিবাদ হ'ব পাৰে । দুপৰীয়াৰ পিছত প্ৰতিটো কাম সুকলমে সম্পূৰ্ণ হ'ব । আপোনাৰ কামত বিষয়াসকল সুখী হ’ব । মানসিক শান্তিয়ে বিৰাজ কৰিব । চিন্তা আৰু মানসিক চাপ নাইকিয়া হৈ যাব ।

মীন ৰাশি: নতুন সম্পৰ্ক জীৱনলৈ অহাৰ সম্ভাৱনা । বিবাহযোগ্য প্ৰাৰ্থীৰ সম্পৰ্ক নিশ্চিত হোৱাৰ সম্ভাৱনা । ভ্ৰমণৰ সম্ভৱনা । বন্ধু আৰু প্ৰেয়সীৰ পৰা উপহাৰ লাভ কৰিব । প্ৰেমাস্পদৰ সৈতে ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব । দুপৰীয়াৰ পিছত প্ৰতিটো কামতে কিছু সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে । কঠোৰ পৰিশ্ৰমৰ পিছতো উপযুক্ত ফলাফল লাভ কৰিব । ধৈৰ্যৰে সৈতে কাম কৰক । আধ্যাত্মিকতা ভাব বৰ্তি থাকিব ।

ABOUT THE AUTHOR

...view details