অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত মুখ্যমন্ত্ৰীসহ 20 জন লোক ক’ভিডত আক্ৰান্ত - কৰ'ণা আক্ৰান্ত ৰোগী

বুধবাৰে ৰাতিপুৱাৰ ভাগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত হোৱাৰ পাচতে শেহতীয়া ভাৱে ৰাজ্যখনত বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ ৰাজ্যখনত 24 ঘন্টাত 21 জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যুৰ খবৰে চিন্তিত কৰি তুলিছে সকলোকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে এন্টিজেন পৰীক্ষা কৰিছিল যদিও RT-PCR পৰীক্ষাৰ পাচতহে সঠিক ফলাফল লাভ কৰাত সম্পূৰ্ণ ভাৱে পৃথককৈ থাকিবলৈ আৰম্ভ কৰে ৷

ত্ৰিপুৰাত মুখ্যমন্ত্ৰীসহ 20 জন লোক কৰ'ণাক্ৰান্ত, এজন নিহত
ত্ৰিপুৰাত মুখ্যমন্ত্ৰীসহ 20 জন লোক কৰ'ণাক্ৰান্ত, এজন নিহত

By

Published : Apr 8, 2021, 9:11 AM IST

আগৰতলা,8 এপ্ৰিল : দেশত পুনৰ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বুধবাৰে ৰাতিপুৱাৰ ভাগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত হোৱাৰ পাচতে শেহতীয়াভাৱে ৰাজ্যখনত বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ ৰাজ্যখনত 24 ঘন্টাত 21 জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যুৰ খবৰে চিন্তিত কৰি তুলিছে সকলোকে ৷ চিকিৎসকৰ পৰামৰ্শ মতে আছুতীয়া থকা মু্খ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে এন্টিজেন পৰীক্ষা কৰিছিল যদিও RT-PCR পৰীক্ষাৰ পাচতহে সঠিক ফলাফল লাভ কৰাত সম্পূৰ্ণভাৱে পৃথককৈ থাকিবলৈ আৰম্ভ কৰে ৷

ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে জনোৱা মতে, শেহতীয়াভাৱে আক্ৰান্ত হোৱা আটাইকেই জনৰে আছে ট্ৰেভেল হিষ্ট্ৰী ৷ গতিকে ক্ৰমাত নিয়ন্ত্ৰণ সীমা অতিক্ৰম কৰাৰ দিশত থকা ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ সেয়েহে ভ্ৰমণৰ পূৰ্বে প্ৰৱেশ পইন্ট সমূহত কঠোৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱা হৈছে ৷ ইয়াৰ মাজতে ত্ৰিপুৰাৰ মুখ্য সচিব গৰাকীয়ে ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দুটা নিয়ম সকলোৰে বাবে বাধ্যতামূলক কৰিছে ৷ প্ৰতি শনিবাৰে ৰাজ্যবাসীয়ে "মাস্ক এনফোৰ্চমেণ্ট ডে" হিচাপে পালন কৰিব লাগিব আৰু ক'ভিড-19ৰ নিয়ম অনুসৰি সচিব গৰাকীয়ে প্ৰৱৰ্তণ কৰা প্ৰতিটো নিয়ম মানিব লাগিব ৷ ক'ভিড-19 নিয়মাৱলী 2020 অনুসৰি বজাৰ, শ্বপিংমল আদিৰ দৰে জন বহুল ঠাই সমূহৰ পৰা জনসাধাৰণক আঁতৰি থকাৰ লগতে নিয়ম উলংঘা কৰা সকলৰ বাবে জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰে ৷

ত্ৰিপুৰাত মুখ্যমন্ত্ৰীসহ 20 জন লোক কৰ'ণাক্ৰান্ত, এজন নিহত

আনহাতে, জিলা প্ৰশাসনে সকলো স্তৰৰ লোকৰ বাবে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাটো প্ৰতিজন লোকৰ বাবে বাধ্যতামূলক কৰা হৈছে ৷ প্ৰতিখন জিলাৰ শিক্ষানুষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থান সমূহ চেনিটাইজ কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ 20 জনতকৈ অধিক লোক সমাগত হৈ কোনো ৰাজপুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব ৷ এক মিটাৰ দূৰত্ব বজাই ৰখাৰ লগতে সকলো ৰাজহুৱা অনুষ্ঠান বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৷

ইয়াৰোপৰি, বয়সস্থ কৰ্মচাৰী,গৰ্ভৱতী কৰ্মচাৰী আৰু চিকিৎসা ব্যৱস্থাৰ লগত জৰিত থকা কৰ্মচাৰীসকলক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱাৰ লগতে আন্তৰ্জাতিক প্ৰৱেশ পইণ্টত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক:ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details