অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ ৰাম মন্দিৰৰ ২০ টা বিশেষ বৈশিষ্ট - 20 features of Ram Mandir

Ayodhya Ram Mandir: অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ চোৱাচিতা আৰু পৰিচালনা কৰিবলৈ গঠন কৰা শ্ৰী ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অভিষেক অনুষ্ঠানৰ পূৰ্বে মন্দিৰৰ বিশদ বৈশিষ্টসমূহ উন্মোচন কৰিছে । ট্ৰাষ্টৰ মতে, মন্দিৰটো পৰম্পৰাগত নগৰৰ শৈলীৰে নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ বৈশিষ্টসমূহে আপোনাক স্তম্ভিত কৰি তুলিব ।

Ayodhya Ram mandir
Ayodhya Ram mandir

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:06 PM IST

নিউজ ডেস্ক,জানুৱাৰী: অহা ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা তথা শুভ উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ ইতিমধ্যে সকলো প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ ব্যাপক প্ৰচাৰৰ মাজতে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত ৰাম মন্দিৰৰ নিৰ্মাণ আৰু পৰিচালনাৰ কাম সম্পন্ন কৰিবলৈ গঠিত ট্ৰাষ্টে উন্মোচন কৰিছে মন্দিৰৰ কিছুমান বিশেষ বৈশিষ্ট ।

ট্ৰাষ্টৰ মতে, নগৰৰ পৰম্পৰাগত স্থাপত্য শৈলীৰ প্ৰতিফলন ঘটোৱা এক ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন এই মন্দিৰ । ইয়াৰ প্ৰতিটো বৈশিষ্টই আপোনাক অভিভূত কৰি তুলিব । শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত তালিকাভুক্ত ২০টা নিৰ্দিষ্ট বৈশিষ্ট ইয়াত দিয়া হ'ল:

  1. পৰম্পৰাগত নগৰ শৈলীত নিৰ্মাণ এই মন্দিৰটো ।
  2. মন্দিৰৰ দৈৰ্ঘ্য (পূব-পশ্চিম) ৩৮০ ফুট, প্ৰস্থ ২৫০ ফুট, উচ্চতা ১৬১ ফুট ।
  3. তিনিমহলীয়া এই অট্টালিকাটোৰ প্ৰতিটো মহলা ২০ ফুট ওখ, ইয়াত মুঠ ৩৯২টা খুঁটা আৰু ৪৪ খন দুৱাৰ আছে ।
  4. মূল গৰ্ভগৃহ ভগৱান ৰামৰ শৈশৱৰ ৰূপ এটা স্থাপন কৰা হৈছে । প্ৰথম মহলাত শ্ৰী ৰাম দৰবাৰ স্থাপন ।
  5. হলটোত পাঁচটা ‘মণ্ডপ’ আছে - নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, সভা মণ্ডপ, প্ৰাৰ্থনা আৰু কীৰ্তন মণ্ডপ ।
  6. স্তম্ভ আৰু দেৱালত দেৱতা, দেৱ-দেৱীৰ মূৰ্তিৰে সজ্জিত ।
  7. সিংহদ্বাৰৰ মাজেৰে ৩২ টা চিৰি বগাই মন্দিৰৰ পূব দিশত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে ।
  8. বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে ৰেম্প আৰু লিফ্টৰ ব্যৱস্থা কৰা হৈছে ।
  9. ৭৩২ মিটাৰ দৈৰ্ঘ্য আৰু ১৪ ফুট প্ৰস্থৰ পাৰ্কোটা(আয়তাকাৰ চৌহদ দেৱাল) ই মন্দিৰটোক আগুৰি আছে ।
  10. চৌহদৰ চাৰিটা কোণত চাৰিটা মন্দিৰ নিৰ্মাণ কৰা হৈছে ৷ যি চাৰিটা মন্দিৰ ভগৱান সূৰ্য, দেৱী ভাগৱতী, ভগৱান গণেশ আৰু ভগৱান শিৱৰ নামত উৎসৰ্গিত । উত্তৰ বাহুত অন্নপূৰ্ণা দেৱীৰ মন্দিৰ আৰু দক্ষিণ বাহুত ভগৱান হনুমান মন্দিৰ ।
  11. মন্দিৰৰ ওচৰতে প্ৰাচীন যুগৰ পৰাই চলি অহা এটা ঐতিহাসিক কুঁৱা (সীতা কুপ) আছে ।
  12. শ্ৰী ৰাম জনমভূমি মন্দিৰ কমপ্লেক্সত মহৰ্ষি বাল্মিকী, মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বামিত্ৰ, মহৰ্ষি অগস্ত্য, নিশাদ ৰাজ, মাতা শ্বাব্ৰি আৰু দেৱী অহল্যাৰ নামত উৎসৰ্গিত প্ৰস্তাৱিত মন্দিৰ আছে ।
  13. কমপ্লেক্সটোৰ দক্ষিণ-পশ্চিম অংশত কুবেৰ টিলাত জটায়ুৰ মূৰ্তি স্থাপনৰ লগতে ভগৱান শিৱৰ প্ৰাচীন মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছে ।
  14. মন্দিৰ নিৰ্মাণৰ কামত ক’তো লোহা ব্যৱহাৰ কৰা নহয় ।
  15. মন্দিৰৰ ভেটিটো ১৪ মিটাৰ ডাঠ ৰোলাৰ-কম্পেক্টেড কংক্ৰিটৰ (RCC) তৰপেৰে নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ইয়াক কৃত্ৰিম শিলৰ ৰূপ দিয়া হৈছে ।
  16. মাটিৰ আৰ্দ্ৰতাৰ পৰা সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ৰেনাইট ব্যৱহাৰ কৰি ২১ ফুট উচ্চতাৰ প্লিন্থ নিৰ্মাণ কৰা হৈছে ।
  17. মন্দিৰ কমপ্লেক্সত নলা পৰিশোধন প্লাণ্ট, পানী পৰিশোধন প্লাণ্ট, অগ্নি সুৰক্ষাৰ বাবে পানী যোগান আৰু এটা স্বতন্ত্ৰ বিদ্যুৎ কেন্দ্ৰ আছে ।
  18. ২৫ হাজাৰ লোকৰ ক্ষমতাৰে এটা তীৰ্থযাত্ৰীৰ সুবিধা কেন্দ্ৰ (পিএফচি) নিৰ্মাণ কৰা হৈছে, য’ত তীৰ্থযাত্ৰীসকলক চিকিৎসাৰ সুবিধা আৰু লকাৰৰ সুবিধা প্ৰদান কৰাৰ কথা।
  19. কমপ্লেক্সটোত গা ধোৱা ঠাই, ৱাশ্বৰুম, ৱাছবেচিন, মুকলি টেপ আদিৰ সৈতে এটা সুকীয়া ব্লকো থাকিব ।
  20. সম্পূৰ্ণৰূপে ভাৰতৰ পৰম্পৰাগত আৰু থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে মন্দিৰটো । ইয়াক পৰিৱেশ-জল সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দি নিৰ্মাণ কৰা হৈছে আৰু ৭০ একৰ ভূমিৰ ৭০% সেউজীয়া কৰি ৰখা হৈছে ।

লগতে পঢ়ক:অযোধ্যাত কূটাঘাতৰ বাবে মহাৰাষ্ট্ৰত পৰিকল্পনা; 11 যুৱকক এ টি এছৰ চমন

ABOUT THE AUTHOR

...view details