আগৰতলা,৮ এপ্ৰিল :ত্ৰিপুৰাত শেহতীয়াকৈ ড্ৰাগছ আসক্ত আৰু এইডছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে (HIV cases increase in Tripura)। যাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যখনত নতুনকৈ স্থাপন কৰা হ'ব নিচা মুক্তি কেন্দ্ৰ । চৰকাৰে এই নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে প্ৰায় ২০ কোটি টকা আৱণ্টন দিছে (20 crore for drug rehabilitation center in Tripura )।
শ্বহীদ ভগত সিং যুৱ ছাত্ৰাবাসত বিশেষভাৱে সক্ষম খেলুৱৈসকলক উৎসাহিত কৰিবলৈ অভয় মিছনে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । তেওঁ কয় যে ৰাজ্যত দৈনিক গড় হিচাপত দুটাকৈ এইডছৰ ঘটনা পোহৰলৈ আহিছে । বিশেষকৈ ড্ৰাগছ আসক্ত লোকসকলৰ ক্ষেত্ৰত এইডছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰে নতুনকৈ নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰিবলৈ বাধ্য হৈছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰা মতে বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকল ড্ৰাগছৰ প্ৰতি আসক্ত নহয় । তেওঁৰ মতে বিশেষভাৱে সক্ষমসকলৰ ক্ষেত্ৰত ড্ৰাগছৰ আসক্তিৰ ঘটনা বিৰল আৰু এক প্ৰকাৰে পিতৃ-মাতৃয়ে ইয়াৰ পৰা সকাহ পায় ।