অসম

assam

ETV Bharat / bharat

Bangladeshi fishermen rescued : পাৰাদ্বীপৰ পৰা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ - পাৰাদ্বীপৰ উপকূলত আৱদ্ধ বাংলাদেশী মাছমৰীয়া উদ্ধাৰ

পাৰাদ্বীপৰ উপকূলত ১৫ দিন ধৰি আৱদ্ধ হৈ থকা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ কৰিলে ওড়িশাৰ স্থানীয় মাছমৰীয়া আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Odisha fishermen, ICG rescued Bangladeshi fishermen) । নাৱৰ যান্ত্ৰিক বিজুতিৰ ফলত পাৰাদ্বীপ আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল মাছমৰীয়াকেইজন ।

20 Bangladeshi fishermen stranded in rough sea rescued
পাৰাদ্বীপৰ পৰা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ

By

Published : Dec 27, 2021, 12:50 PM IST

Updated : Dec 27, 2021, 5:06 PM IST

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: অৱশেষত উদ্ধাৰ কৰা হ'ল পাৰাদ্বীপৰ উপকূলত ১৫ দিনে আৱদ্ধ হৈ থকা বাংলাদেশৰ ২০ জন মাছমৰীয়াক (20 Bangladeshi fishermen rescued off Paradip coast) । ওড়িশাৰ স্থানীয় মাছমৰীয়াৰ তৎপৰতাত বাংলাদেশী মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হয় ।

যোৱা ৭ ডিচেম্বৰত মাছ ধৰিবলৈ বাংলাদেশৰ ভোলাবৰিশাল জিলাৰ পৰা যন্ত্ৰচালিত নাৱেৰে মাছমৰীয়াকেইজন সাগৰৰ মাজলৈ ৰাওনা হৈছিল । কিন্তু বংগোপ সাগৰত সৃষ্টি নিম্নচাপৰ বাবে হঠাতে বতৰ সলনি হয় ৷ প্ৰতিকূল বতৰৰ বাবে তেওঁলোক পাৰাদ্বীপত ১৫ দিন ধৰি আৱদ্ধ হৈ পৰে (Bangladeshi fishermen stranded off Paradip coast for 15 days) ।

ওড়িশাৰ স্থানীয় মাছমৰীয়াই বাংলাদেশৰ মাছমৰীয়াসকলক প্ৰত্যক্ষ কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীক এই বিষয়ে অৱগত কৰে । পাচত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহায়ত বাংলাদেশৰ মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হয় । মাছমৰীয়াকেইজনক উদ্ধাৰ কৰা হৈছে যদিও মাছমৰীয়াসকল কেনেকৈ ভাৰতীয় জলসীমাত উপস্থিত হৈছিল, সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সামুদ্ৰিক আৰক্ষীয়ে ।

মাছমৰীয়াকেইজনৰ পৰা প্ৰায় ১৫ টা ম’বাইল ফোনৰ লগতে কিছু বাংলাদেশী টোকাবহী উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰিও আন কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ মাছমৰীয়াকেইজনৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: Muzaffarpur Factory Blast : নুডলছৰ কাৰখানাত সংঘটিত বিস্ফোৰণত ১০ গৰাকী কৰ্মচাৰীৰ মৃত্যু

Last Updated : Dec 27, 2021, 5:06 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details