নিউজ ডেস্ক, 31 ডিচেম্বৰ:এক শোকাবহ ঘটনাৰ পৰা শনিবাৰে পুৱা কথমপি ৰক্ষা পৰে সহস্ৰাধিক ৰেলযাত্ৰী ৷ উত্তৰ প্ৰদেশৰ ৰিচিয়া ৰেল ষ্টেচনৰ সমীপৰ ৰেলৱে ট্ৰেকত দুখন ৰেল মুখামুখি সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰে ৷ ইয়াকে লৈ ৰিচিয়া ৰেল ষ্টেচনত এক উত্তেজনাময় তথা বিশৃংখল পৰিস্থিতৰ সৃষ্টি হয় ৷ একমাত্ৰ চালকৰ দক্ষতা আৰু তৎপৰতাত প্ৰাণৰক্ষা পৰে সহস্ৰাধিক যাত্ৰীৰ ৷
তথ্য অনুসৰি, শনিবাৰে পুৱা 8:24 বজাত ৰিচিয়া ৰেল ষ্টেচনৰ বাহৰাইচলৈ যাবলগীয়া 05360 নম্বৰৰ ৰেলগাড়ীখন 3 নম্বৰ ট্ৰেকত ৰখোৱা হৈছিল । সেই সময়তে বাহৰাইচৰ আপ ট্ৰেইন 05361কো তিনি নম্বৰ ট্ৰেকত ৰখাবলৈ দিয়া হয় । ৰিচিয়া ৰেল ষ্টেচনৰ বাহৰাইচলৈ যাবলগীয়া ট্ৰেইনখনৰ চালকে বাহৰাইচৰ পৰা অহা ট্ৰেইনখনক একেটা ট্ৰেকত অহা প্ৰত্যক্ষ কৰে(Trains came on same track in UP) ৷
বাহৰাইচলৈ যাবলগীয়া ট্ৰেইনখনৰ চালকজনে লগে লগে ইঞ্জিনৰ লাইট অন কৰি ফ্লেগখন হাতত লৈ বাহৰাইচৰ পৰা আহি থকা ৰেলখনৰ ফালে দৌৰি আগবাঢ়ি যায়(Two trains on one track) । চালকজনক প্ৰত্যক্ষ কৰি বিপৰীত দিশৰ পৰা আহি থকা ৰেলখনৰ চালকজনে লগে লগে ৰেলখন ৰখাই দিয়ে ।