নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী :হিমাচল প্ৰদেশত ভয়ংকৰ হিমস্খলন (Avalanche in Himachal Pradesh)। হিমস্খলনৰ ফলত সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ দুজন শ্ৰমিকৰ কৰুণ মৃত্যু । এতিয়াও সন্ধানহীন হৈ আছে আন এজন শ্ৰমিক । এই প্ৰাকৃতিক দুৰ্যোগক লৈ সমগ্ৰ ৰাজ্যখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । সন্ধানহীন লোকজনৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
জানিব পৰা মতে লাহৌল-স্পীতি জিলাৰ লাহৌল মহকুমাৰ শিনকু লা পাছৰ সমীপত দেওবাৰে এই হিমস্খলন হয় । য'ত সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ দুজনকৈ অস্থায়ী শ্ৰমিক নিহত হয় (2 BRO worker killed in Himachal avalanche)। আন এজন শ্ৰমিক সন্ধানহীন বুলি জানিব পৰা গৈছে । প্ৰচণ্ড হিমস্খলনত দুয়োজন শ্ৰমিক বৰফত জীৱিত অৱস্থাতে সমাধিস্থ হয় । বৰফ কটা যন্ত্ৰ আৰু ডোজাৰ যন্ত্ৰও তেওঁলোকৰ সৈতে বৰফত পোত গৈছে । ইফালে সোমবাৰে পুৱাৰে পৰা সন্ধানহীন লোকজনৰ সন্ধানত অভিযান আৰম্ভ হৈছে (One BRO labourer missing after avalanche)।
সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ' কৰ্তৃপক্ষই হিমস্খলনৰ তথ্য পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । বিষয়াসকলৰ মতে মৃত শ্ৰমিককেইজন ক্ৰমে ১৯ বছৰীয়া ৰাম বুধা আৰু ৰাকেশ বুলি চিনাক্ত কৰা হৈছে । আনহাতে সন্ধানহীন লোকজনক নেপালৰ বাসিন্দা পাচাং ছেৰিং লামা বুলি চিনাক্ত কৰা হৈছে ।