অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডত ভয়াৱহ ভূমিস্খলন: দুজন নিহত - ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ পিথোৰাগঢ় জিলাৰ জুম্মা গাঁৱত মাজ নিশা ডাৱৰ বিস্ফোৰণ ৷ তাৰ পাচতে সংঘটিত হোৱা ভূমিস্খলনৰ ফলত দুগৰাকী লোক নিহত হৈছে ৷

धारचूला में फटा बादल
উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা

By

Published : Aug 30, 2021, 3:59 PM IST

Updated : Aug 30, 2021, 4:51 PM IST

নিউজ ডেস্ক : উত্তৰাখণ্ডত যেন প্ৰকৃতিয়ে দেখুৱাইছে নিজৰ ৰূদ্ৰ ৰূপ ৷ পিথোৰাগঢ় জিলাৰ জুম্মা গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত দুগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে মাটিত পোত গৈছে পাঁচজনকৈ লোক ৷ মাজ নিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ পাচতেই সৃষ্টি হয় ভূমিস্খলনৰ ৷

উত্তৰাখণ্ডত ভয়াৱহ ভূমিস্খলন

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে SDRF আৰু SSB ৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেই স্থানত ৷ পিথোৰাগঢ়ৰ জিলা দণ্ডাধীশ অশিস চৌহানে জনোৱা মতে, নৰেন্দ্ৰ নগৰৰ পৰা চাম্বা লৈ ঋষিকেশ-গংগোত্ৰী(NH-94) সংযোগী ঘাইপথ, তপোবনৰ পৰা মালেথালৈ ঋষিকেশ-বদ্ৰীনাথ সংযোগী 58 নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা ক্ষতিগ্ৰস্ত হৈছে ভূমিস্খলনৰ ফলত ৷

জানিব পৰা মতে, জুম্মাৰ পাঁচটা আৰু সিৰৌদয়াৰ দুটাকৈ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে এই ভূমিস্খনৰ ফলত ৷ ইতিমধ্য জিলা প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই গৈছে ৷ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ হেলিকপ্টাৰো সাজু কৰি ৰখা হৈছে ৷

মুখ্যমন্ত্ৰীৰ টুইট

বিগত কিছু দিন ধৰি নেৰানেপেৰা বৰষুণ অভ্যাহত আছে উত্তৰাখণ্ডত ৷ যাৰফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ পাহাৰীয়া ৰাজ্যখন পৰিভ্ৰমণ কৰিব খোজাসকলৰ বাবেও সঘনাই হৈ থকা ভূমিস্খলনে বাধা মাতিছে ৷

লগতে পঢ়ক :বলুকা শিল্পৰে দেশবাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

Last Updated : Aug 30, 2021, 4:51 PM IST

ABOUT THE AUTHOR

...view details